আজি দেশজুৰি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ।

DY365
DY365
Published: April 26,2024 06:16 AM
DY365

Story highlights

আজি দেশজুৰি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। দেশৰ ৮৯টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ১৩ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট গ্ৰহণ।

২৬ এপ্ৰিল,২০২৪: আজি দেশজুৰি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। দেশৰ ৮৯টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ১৩ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট গ্ৰহণ। আজি অসমৰ পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ত ভোট। নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰিত নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা ৫ বজালৈ ৯,১৩৩ কেন্দ্ৰত ভোটগ্ৰহণ।



 



৭৭,০৯,২৭৬ ভোটাৰে নিৰ্ণয় কৰিব ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৰাজ্যৰ ৪৭৩টা কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই, মডেল কেন্দ্ৰ ৯০টা। ৰাজ্যৰ ১,২২০টা কেন্দ্ৰত স্পৰ্শকাতৰৰূপে চিনাক্ত কৰিছে নিৰ্বাচন আয়োগে। কৰিমগঞ্জত সৰ্বাধিক ২৪ প্ৰাৰ্থীৰ বাবে প্ৰতিটো কেন্দ্ৰত থাকিব দুটাকৈ EVM। ৰাজ্যৰ ৯৩৭টা ভোটগ্ৰহণ কেন্দ্ৰ অতি দুৰ্গম এলেকাত অৱস্থিত। ১৪০টা কেন্দ্ৰীয় বাহিনী নিয়োগ কৰা হৈছে আজিৰ ভোটৰ বাবে। ডিফু আটাইতকৈ ডাঙৰ সমষ্টি, দৰং-ওদালগুৰি আটাইতকৈ সৰু।


Related

TWITTER

FACEBOOK