২৯ মাৰ্চ, ২০২৫- মই এতিয়া মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক নহয় কিন্তু...- ৰোহিত শৰ্মা
মহেন্দ্ৰ সিং ধোনীৰ পিছতেই ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়ক হৈছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মা ভাৰতীয় ক্ৰিকেটৰ লগতে আই পি এলৰ ইতিহাসৰো সৰ্বাধিক সফল খেলুৱৈ আৰু অধিনায়ক। এইপৰ্যন্ত ৰোহিত শৰ্মাৰ নামত আছে ৬টাকৈ আইপিএল ট্ৰফী। অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে জয় কৰিছে ৫ টাকৈ আই পি এল ট্ৰফী। ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে চেম্পিয়নছ হোৱাৰ লগতে ২০০৯ চনত আইপিএল ট্ৰফী বিজয়ী ডেকান চাৰ্জাৰ্ছ দলৰ উপঅধিনায়ক আছিল ৰোহিত শৰ্মা।
উল্লেখ্য যে ২০১১ চনৰ আই পি এলৰ নিলামত মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাক ক্ৰয় কৰিছিল। আনহাতে ২০১৩ চনৰ পৰা ২০২৩ চনলৈ মুম্বাই ইণ্ডিয়ানছ ফ্ৰেঞ্চাইজিৰ অধিনায়ক আছিল ৰোহিত শৰ্মা। শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানৰ সৈতে হোৱা বাৰ্তালাপত বহু কথা প্ৰকাশ কৰিছে ৰোহিত শৰ্মাই। ইয়াৰ মাজতে ৰোহিতে মুম্বাই ইণ্ডিয়ানছৰ বৰ্তমান কি পৰিৱৰ্তন হৈছে সেই কথাও উল্লেখ কৰে।
ৰোহিতে কয় যে,স্পষ্টভাৱে, মই মুম্বাই ইণ্ডিয়ানছৰ সৈতে যোগদান কৰাৰ পৰা এতিয়ালৈকে বহু কথাই সলনি হৈছে ৷ প্ৰথমে মই মিডল অৰ্ডাৰত বেটিং কৰিছিলোঁ। তাৰ পিছত মই অপেনাৰৰ ভুমিকা পালন কৰিলো। মই তেতিয়া অধিনায়ক আছিলোঁ আৰু এতিয়া মই অধিনায়ক নহয়। মোৰ কিছুমান সতীৰ্থ আছিল যাৰ লগত মই খেলিছিলো আৰু চেম্পিয়ন হৈছিলো। এতিয়া সেইসকল খেলুৱৈ দলত নাই। তাৰেই বহু খেলুৱৈ এতিয়া প্ৰশিক্ষকৰ ভূমিকাত আছে। গতিকে মোৰ একাংশ সতীৰ্থ খেলুৱৈৰ ভূমিকা এতিয়া সলনি হৈছে। পূৰ্বৰ বহু কথাই এতিয়া সলনি হৈছে যদিও দলটোৰ মানসিকতা কিন্তু সলনি হোৱা নাই। মুম্বাই ইণ্ডিয়ানছ দলটোৰ বাবে মই যি কৰিব বিচাৰিছিলো সেই মানসিকতা এতিয়াও সলনি হোৱা নাই। আমাৰ লক্ষ্য হ'ল খেলত জয়ী হোৱা আৰু ট্ৰফী জয় কৰা। এই কামৰ বাবে মুম্বাই ইণ্ডিয়ানছ পৰিচিত।
লগতে ৰোহিতে কয় যে ক্ৰিকেটত উত্থান-পতন সকলো থাকিব। টি-২০ বিশ্বকাপ জয়ী হোৱাৰ কিছুদিন পিছতে নিউজিলেণ্ডৰ বিৰুদ্ধে আমি ঘৰুৱা ক্ষেত্ৰত শৃংখলাত পৰাস্ত হৈছিলো আৰু অষ্ট্ৰেলিয়াত ভাল খেলিব পৰা নাছিলো। তাৰ পিছতেই আমি চেম্পিয়নছ ট্ৰফী আজুৰি আনিলোঁ। জীৱন কেনেকুৱা হয় তাৰ এক নিখুঁত উদাহৰণ যোৱা ৯টাকৈ মাহ। হিটমেন ৰোহিতে কয় যে আমাৰ সফলতা আৰু মানসিকতাৰ পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হৈছিল ২০২২ চনত যেতিয়া অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত দলটোৱে পৰাস্ত হৈছিল। ‘তেতিয়াৰ পৰা আমি খেলুৱৈসকলক স্পষ্ট কৰি দিছিলো যে তেওঁলোকৰ পৰা আমি কি আশা কৰো আৰু আমি তেওঁলোকে কেনেকৈ খেলাটো বিচাৰো। লগতে খেলুৱৈ সকলৰ লগত বহু কথা-বতৰা পতা হৈছিল। খেলুৱৈসকলক স্বাধীনতা দিয়াৰ প্ৰয়োজন আছিল যাতে তেওঁলোকে কোনোধৰণৰ ভয় নোহোৱাকৈ খেলিব পাৰে।
লগতে ৰোহিতে কয় যে আইপিএল ২০২৪ত মুম্বাই ইণ্ডিয়ানছৰ প্ৰদৰ্শন বেয়া আছিল। আমি আমাৰ শ্ৰেষ্ঠ ক্ৰিকেট খেলিব পৰা নাছিলো। কিন্তু এইবাৰ আমি ভাল ক্ৰিকেট খেলিম।