কিমান কোটি টকাৰ সম্পত্তিৰ গৰাকী প্ৰিয়ংকা গান্ধী?

DY365
DY365
Published: October 24,2024 02:34 PM
DY365

Story highlights

কিমান কোটি টকাৰ সম্পত্তিৰ গৰাকী প্ৰিয়ংকা গান্ধী?

২৪ অক্টোবৰ,২০২৪- কিমান কোটি টকাৰ সম্পত্তিৰ গৰাকী প্ৰিয়ংকা গান্ধী? 




২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৱায়নাড আৰু ৰায়বেৰেলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল ৰাহুল গান্ধী। জয়ৰ পিছতেই ৱায়নাড সমষ্টিৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে।গতিকে ৱায়নাড সমষ্টিত হবলগীয়া উপ-নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে। কিন্তু আপুনি জানেনে প্ৰিয়ংকা গান্ধীৰ সম্পত্তিৰ পৰিমাণ কিমান? 
বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচন আয়োগক দিয়া শপতনামাত প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ সম্পত্তি প্ৰায় ১২ কোটি টকা বুলি উল্লেখ কৰিছে। ইয়াৰে প্ৰিয়ংকাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ৪.২৪ কোটি টকা।প্ৰিয়ংকা গান্ধীৰ নামত আছে তিনিটা বেংক একাউণ্ট। আনহাতে প্ৰিয়ংকাৰ স্থাৱৰ সম্পত্তিৰ মূল্য ৭.৭৪ কোটি টকা। ইয়াৰ ভিতৰত উত্তৰাধিকাৰী সূত্ৰে পোৱা নতুন দিল্লীৰ সম্পত্তিও অন্তৰ্ভুক্ত। প্ৰিয়ংকাৰ এখন ফাৰ্ম হাউচ আছে, যিখন ফাৰ্ম হাউচৰ বৰ্তমান মূল্য ২.১০ কোটি টকা।আনহাতে প্ৰিয়ংকাই চিমলাত এটা ঘৰ ক্ৰয় কৰিছে যিটো ঘৰৰ বৰ্তমান বজাৰ মূল্য ৫.৬৩কোটি টকা। লগতে স্বামী ৰবাৰ্ট বাড্ৰাই তেওঁক এখন হোণ্ডা চি আৰ ভি গাড়ী উপহাৰ দিয়াৰ লগতে ১.১৫ কোটি টকাৰ সোণৰ গহনা উপহাৰ দিয়াৰ কথা উল্লেখ কৰিছে। প্ৰিয়ংকাই লগতে উল্লেখ কৰিছে যে তেওঁৰ স্বামীৰ মুঠ সম্পত্তি প্ৰায় ৬৫ কোটি টকা। ইয়াৰে স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩৯ কোটি টকা আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৭.৬৪ কোটি টকা। শপতনামাত প্ৰিয়ংকাই উল্লেখ কৰা অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত তেওঁলোকৰ মুঠ আয় ৪৬.৩৯ লাখ টকা। প্ৰিয়ংকাই তেওঁৰ আৰু স্বামীৰ উপাৰ্জনৰ উৎস প্ৰকাশ কৰি কয় যে- তেওঁলোকৰ উপাৰ্জনৰ উৎস হ’ল ঘৰৰ ভাড়া, বেংকত জমা ধনৰ সুত, বিনিয়োগ আৰু ব্যৱসায়।
উল্লেখ্য যে উপনিৰ্বাচনৰ জৰিয়তে প্ৰথমবাৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰিয়ংকা গান্ধীয়ে।ৱায়নাডৰ জনতাই প্ৰিয়ংকা গান্ধীক সংসদলৈ পঠিয়াব নে নপঠাব সেয়া ২৩ নৱেম্বৰত স্পষ্ট হৈ পৰিব।    


Related

TWITTER

FACEBOOK