১৮ জানুৱাৰী ২০২৫- কেনেকৈ! কানাডাত নিৰুদ্দেশ ২০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী
প্ৰতি বছৰে ভাৰতৰ পৰা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ কানাডালৈ যায়। কিছুমানে পঢ়া-শুনা শেষ কৰি উভতি আহে আৰু কিছুমানে কানাডাতে বসতি স্থাপন কৰে। কিন্তু, শেহতীয়াকৈ ভাৰত-কানাডাৰ উত্তেজনাৰ মাজতেই ‘ইমিগ্ৰেচন, ৰিফিউজি এণ্ড চিটিজেনশ্বিপ কানাডা’ (আই আৰ চি চি)ৰ এটা প্ৰতিবেদনে আচৰিত কৰি তুলিছে সকলোকে। দৰাচলতে এই প্ৰতিবেদনত দাবী কৰা হৈছে যে কানাডাত উপস্থিত হোৱা প্ৰায় ২০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা ‘নিৰুদ্দেশ’ হৈছে। ছাত্ৰ-ছাত্ৰীসমুহক কলেজ বা বিশ্ববিদ্যালয়ত ‘নো-শ্ব’’ বুলি চিহ্নিত কৰা হৈছে। ‘নো-শ্ব’’ৰ অৰ্থ হ'ল ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি কলেজ বা বিশ্ববিদ্যালয়ত উপস্থিত হোৱা নাই। এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকল ক’লৈ গ’ল ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
২০২৪ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত কানাডাৰ শিক্ষানুষ্ঠানসমূহে ১৪৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বিষয়ে আই আৰ চি চিক প্ৰতিবেদন দিছিল। ভাৰতৰ পৰা যোৱা ৩,২৭,৬৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৯,৮৫২ জনৰ সন্ধান পোৱা নগ’ল।
কানাডাৰ প্ৰব্ৰজন বিশেষজ্ঞসকলৰ মতে নিজৰ প্ৰতিষ্ঠানত প্ৰৱেশ নকৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অধিকাংশই সম্ভৱতঃ এতিয়াও কানাডাত আছে আৰু স্থায়ী বাসিন্দাৰ প্ৰমানপত্ৰ লাভৰ চেষ্টা কৰি আছে। ভাৰতীয় সংস্থাসমূহেও এই বিষয়ত চকু ৰাখিছে। প্ৰাক্তন ফেডাৰেল অৰ্থনীতিবিদ তথা অনুপ্ৰৱেশ বিষয়ৰ বিশেষজ্ঞ হেনৰী লটিনে কয় যে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাৰ সীমান্ত পাৰ হোৱা নাই বৰঞ্চ কানাডাতে কাম কৰি আছে। ইয়াৰ আঁৰৰ উদ্দেশ্য হ’ব পাৰে কানাডাত স্থায়ীভাৱে বসতি স্থাপন কৰা।
নিৰুদ্দেশ হোৱা ছাত্ৰ-ছাত্ৰীসকল কেনেকৈ ধৰা পৰিল-
কানাডাই ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ অনুসৰণ ব্যৱস্থা ৰূপায়ণ কৰিছিল, যাৰ লক্ষ্য আছিল প্ৰৱঞ্চক ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰা আৰু সন্দেহজনক বিদ্যালয়সমূহক ফ্লেগ কৰা। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়নৰ অনুমতি মানি চলাটো নিশ্চিত কৰিবলৈ বিভাগে বছৰত দুবাৰকৈ কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা উপস্থিতিৰ প্ৰতিবেদন অনুৰোধ কৰে। ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ গোচৰটোৱে ভাৰতৰ বলবৎকাৰী সঞ্চালকালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছে।
বৰ্তমান কানাডাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি আৰু অধ্যয়ন অনুমতিৰ নিয়ম উলংঘা কৰাটো এটা গুৰুতৰ বিষয় হৈ পৰিছে। ইয়াৰ ফলত কেৱল অনুপ্ৰৱেশ নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাই নহয়, কানাডাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰতো নজৰ ৰখা হৈছে। এই সমস্যা সমাধানৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে।