চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৰাজ্যত বন্ধ হ'ব গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰী ।

DY365
DY365
Published: October 27,2024 06:54 PM
DY365

Story highlights

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৰাজ্যত বন্ধ হ'ব গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰী ।

২৭ অক্টোবৰ,২০২৪- চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৰাজ্যত বন্ধ হ'ব গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰী । 



উৎসৱৰ বতৰৰ মাজতে ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। ৰাজ্যত বন্ধ হ'ব গুটখা,পানমশালা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী। পশ্চিমবংগৰ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ৰাজ্যখনত অহা ৭ নৱেম্বৰৰ পৰা গুটখা আৰু ধঁপাত  জাতীয় সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। আগন্তুক এবছৰলৈ অব্যাহত থাকিব এই নিষেধাজ্ঞা ।
বিবৃতিটোত খাদ্য সুৰক্ষা সন্দৰ্ভত নিৰ্দিষ্ট বিধানৰ কথা উল্লেখ কৰা হৈছে। ধঁপাত আৰু গুটখাৰ দৰে সামগ্ৰীৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়। গতিকে পানমশালা, গুটখাৰ বিক্ৰী, ষ্টকিং, এবছৰৰ বাবে নিষিদ্ধ কৰিছে পশ্চিমবংগ চৰকাৰে।


Related

TWITTER

FACEBOOK