২৭ মাৰ্চ, ২০২৫- ১ মে’ৰ পৰা ATMৰে ধন উলিয়ালে গ্ৰাহকে দিব লাগিব অতিৰিক্ত টকা
যদি আপুনি নিয়মিতভাৱে ATMৰ পৰা ধন উলিয়ায়,তেনেহলে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। কাৰণ ১ মে’ৰ পৰা ATMৰ লেনদেন ব্যয়বহুল হ’বলৈ গৈ আছে। ১ মে’ৰ পিছত আপুনি প্ৰতিবাৰেই টকা উলিয়ালে অধিক চাৰ্জ দিব লাগিব । ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমৰ প্ৰস্তাৱত অনুমোদন জনাইছে,যাৰ অধীনত আদান-প্ৰদানৰ মাচুল বৃদ্ধি কৰা হ’ব।
১ মে’ৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন নিয়ম অনুসৰি যদি আপুনি আপোনাৰ ঘৰুৱা বেংকৰ নেটৱৰ্কৰ বাহিৰৰ আন কোনো বেংকৰ ATMৰ পৰা ধন উলিয়ায় বা বেলেঞ্চ চেক কৰে তেন্তে আপুনি বৰ্ধিত চাৰ্জ দিব লাগিব। বৰ্তমান হোম নেটৱৰ্কৰ বাহিৰত ATM ব্যৱহাৰ কৰাৰ বাবে চাৰ্জ আছে যদিও এতিয়া এই চাৰ্জ আৰু বৃদ্ধি হ’বলৈ গৈ আছে। এই পৰিৱৰ্তন RBIৰ অনুমোদন লাভ কৰা এন পি চি আইৰ প্ৰস্তাৱৰ ভিত্তিত কৰা হৈছে।
নতুন নিয়ম অনুসৰি যদি আপুনি আপোনাৰ বেংকৰ বাহিৰে আন কোনো বেংকৰ ATMৰ পৰা ধন উলিয়ায় তেন্তে এতিয়ালৈকে প্ৰতিটো লেনদেনত ১৭ টকা মাচুল লোৱা হৈছিল, যিটো এতিয়া ১৯ টকালৈ বৃদ্ধি পাব। একে সময়তে প্ৰতিটো লেনদেনত বেলেঞ্চ চেক কৰাৰ মাচুল ৬ টকাৰ পৰা ৭ টকালৈ বৃদ্ধি পাব। এই বৃদ্ধি সেইবোৰ লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব যিবোৰে বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰে।