২০ এপ্ৰিল, ২০২১: কৰোনাৰ ভয়ংকৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা চৰকাৰে প্ৰৱৰ্তন কৰিছে টোটেল কাৰ্ফিউ। ২৬ এপ্ৰিলপৰ্যন্ত নিশাৰ পৰাই কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনত জাৰি কৰা হৈছে লকডাউন। এনে পৰিস্থিতিত আন ৰাজ্যৰ পৰা গৈ দিল্লীত কৰ্মৰত লোক তথা অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। পূৰ্বৰ দেশজুৰি হোৱা লকডাউনৰ সময়ত সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতিৰ মাজত পুনৰ সোমাই পৰাৰ আশংকাত এতিয়া নিজ নিজ ৰাজ্যলৈ ওভতি যাবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ-হাজাৰ লোকে। যাৰবাবে বাছ আস্থান, ৰে’ল ষ্টেশ্যনত সোমবাৰৰ দিনটোত দেখা গ’ল অভাৱনীয় ভিৰ। সকলোৱে মাথোঁ হেতা-ওপৰা লগায় যেনে-তেনে বাছ কিম্বা ৰে’লত উঠিবলৈ। দিল্লীত যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ২৩ হাজাৰ ৬৮৬জন। মৃত্যু হৈছে ২৪০জনৰ।