১৫ জানুৱাৰী ২০২৫- সাৱধান! যিকোনো মূহূৰ্তত বন্ধ হৈ পৰিব পাৰে আপোনাৰ WhatsApp
WhatsApp ব্যৱহাৰকাৰী সাৱধান হওক। কাৰণ যিকোনো মূহূৰ্ততে বন্ধ হৈ পৰিব পাৰে আপোনাৰ WhatsAp একাউণ্ট। লাখ লাখ WhatsApp ব্যৱহাৰকাৰীলৈ সকীয়নি প্ৰদান কৰিছে Metaএ। ইতিমধ্যেই প্ৰতিমাহে মেটাই লাখ লাখ WhatsApp একাউণ্ট বন্ধ কৰিছে। যদি আপুনিও এই ৫টা ভুল কৰে তেনেহলে চিৰদিনৰ বাবে বন্ধ হৈ পৰিব আপোনাৰো WhatsApp একাউণ্ট-
যদি আপুনি আন কাৰোবাৰ পৰিচয় ব্যৱহাৰ কৰি একাউণ্ট খুলে তেন্তে বন্ধ হৈ পৰিব পাৰে আপোনাৰ WhatsApp
আপোনাৰ যোগাযোগৰ তালিকাত নথকা নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰিলেও অপৰাধ হিচাপে ধৰা হ'ব
আপুনি অচিনাকি লোকলৈ বাৰ্তা প্ৰেৰণ কৰি থাকিলে তেনে বাৰ্তাক স্পেম বুলি ধৰা হ'ব
বহু WhatsApp ব্যৱহাৰকাৰীয়ে আপোনাৰ একাউণ্টৰ ৰিপৰ্ট দিলে বন্ধ হ'ব আপোনাৰ WhatsApp
যদি আপুনি কাৰোবাক হাৰাশাস্তি কৰে বা ভাবুকি দিয়ে তেনেহলেও বন্ধ হ'ব পাৰে আপোনাৰ WhatsApp