৫ জানুৱাৰী ২০২৫- অসমৰ বিদ্যালয়ত বাংলাদেশী শিক্ষক!
অসমত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা। দীৰ্ঘদিন ধৰি ৰাজ্যৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ চাকৰি কৰি আছিল এজন বাংলাদেশী নাগৰিকে।মৰিগাঁৱৰ থেংশালি খণ্ডাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে শিক্ষকতা কৰি আছিল বাংলাদেশৰ খাইৰুল ইছলামে। অৱশেষত মৰিগাঁও জিলা শিক্ষা বিভাগে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে খাইৰুলক। কেৱল শিক্ষকতা কৰাই নহয়, NRCৰ চূড়ান্ত তালিকা প্ৰস্তুতৰ কামতো জড়িত আছিল বাংলাদেশী নাগৰিক খাইৰুল ইছলাম!
উল্লেখযোগ্য যে ২০১৫ চনতে মৰিগাঁৱৰ বিদেশী ন্যায়াধীকৰণে মৰিগাঁৱৰ ঠেংখালী খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলামক এজন অবৈধ বিদেশী হিচাপে ঘোষণা কৰিছিল। এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল খাইৰুল ইছলাম। ন্যায়ালয়ত খাইৰুল ইছলামে দাখিল কৰিছিল লিখিত আৱেদন। কিন্তু সেই আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি খাইৰুল ইছলামক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হয় আৰু চাকৰিৰ পৰা নিলম্বন কৰা হয়। ডিটেনশ্যন কেম্পত দুবছৰ কটায় খাইৰুলে। ২০২০ চনত তেওঁ মৰিগাঁৱৰ সীমান্ত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডিটেনশ্যন কেম্পৰ পৰা মুক্ত হয়।
পিছত এই বিষয়টো চোৱাচিতাৰ বাবে এখন তদন্ত কমিটী গঠন কৰা হয়। খাইৰুল ইছলামক অবৈধ বিদেশী হোৱাৰ পিছতো শিক্ষকতাৰ সুযোগ দিয়া হৈছিল। খাইৰুল ইছলামলৈ জাৰি কৰা হৈছিল কাৰণ দৰ্শোৱাৰ জাননী। কিন্তু খাইৰুলৰ উত্তৰ সন্তোষজনক নাছিল। ইয়াৰ পিছতে প্ৰাথমিক শিক্ষা বিভাগৰ চৰকাৰী অধিবক্তাৰ পৰামৰ্শ অনুসৰি খাইৰুল ইছলামক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।