বিধায়কলৈ ভোটাৰৰ অদ্ভুত দাবী ।

DY365
DY365
Published: October 16,2024 05:46 PM
DY365

Story highlights

বিধায়কলৈ ভোটাৰৰ অদ্ভুত দাবী ।

১৬ অক্টোবৰ,২০২৪ -  বিধায়কলৈ ভোটাৰৰ অদ্ভুত দাবী । 
বিধায়কলৈ ভোটাৰৰ দাবী, ভোট দি আপোনাক জয়ী কৰাইছো, এতিয়া মোক ছোৱালী বিছাৰি বিয়া কৰাই দিয়ক। উত্তৰ প্ৰদেশৰ মহোবাত চৰখাৰীৰ বিধায়ক ব্ৰজভূষণ ৰাজপুতৰ সৈতে সংঘটিত হৈছে এক অদ্ভুত ঘটনা। বিধায়কজনে গাড়ীত পেট্ৰ’ল ভৰোৱাৰ বাবে পেট্ৰ’ল পাম্পত উপস্থিত হোৱাৰ সময়তে পাম্পত কৰ্মৰত এজন কৰ্মচাৰীয়ে বিধায়কৰ ওচৰলৈ দৌৰি আহি ক'লে-নিৰ্বাচনত মই আপোনাক ভোট দিছিলো যাৰবাবে আপুনি নিৰ্বাচনত জয়ী হৈছিল। মই শিক্ষিত, কিন্তু এতিয়ালৈকে এটা ভাল চাকৰি পোৱা নাই। যাৰ বাবে চাকৰিৰ অভাৱত মোৰ বিয়া হোৱা নাই।
নিৰ্বাচনী ভাষণটোৰ কথা সোঁৱৰাই দি বিধায়কজনক কৰ্মচাৰীজনে ক'লে নিৰ্বাচনৰ পূৰ্বে আপুনি ৰাইজক প্ৰতিটো সুখ-দুখত লগত থাকিম আৰু সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল । গতিকে এতিয়া মোৰ ছোৱালী চাই দিয়া আৰু বিয়া পাতি দিয়া দায়িত্ব আপোনাৰ।বিধায়কগৰাকীয়ে ইয়াৰ পিছত ভোটাৰজনক আশ্বাস দিয়ে যে তেওঁৰ বাবে ছোৱালী এজনী বিচাৰি উলিয়াব আৰু লগতে তেওঁক বিয়াত সহায় কৰিব। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।


Related

TWITTER

FACEBOOK