ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি হৈছে নেকি, কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

DY365
DY365
Published: March 18,2025 06:08 PM
DY365

Story highlights

ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি হৈছে নেকি, কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

 



১৮ মাৰ্চ ২০২৫-  ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি হৈছে নেকি, কেনেকৈ নিয়ন্ত্ৰণ কৰিব?



ভাৰতত মধুমেহ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশত ১০ কোটিৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধিৰ বাবে ডায়েবেটিছ ৰোগ হয়। বৰ্তমান সময়ত ৩০ৰ পৰা ৩৫ বছৰ বয়সীয়া মানুহৰ শৰীৰতো চেনিৰ মাত্ৰা বৃদ্ধি পাইছে। টাইপ ১ ডায়েবেটিছ নথকা লোকৰ ক্ষেত্ৰতো এনেকুৱা হৈছে। অৰ্থাৎ তেওঁলোকৰ ডায়েবেটিছ পিতৃ-মাতৃৰ পৰা তেওঁলোকৰ শৰীৰলৈ স্থানান্তৰিত হোৱা নাই। কিন্তু তথাপিও চেনিৰ মাত্ৰা বৃদ্ধিৰ বাবে ডায়েবেটিছ হৈ আছে। কিন্তু অপুনি জানেনে- কম বয়সতে আমাৰ শৰীৰত কিয় চেনিৰ মাত্ৰা বৃদ্ধি পায় আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? 



বিশেষজ্ঞৰ মতে ৩০ৰ পৰা ৩৫ বছৰ বয়সত চেনিৰ মাত্ৰা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে বেয়া খাদ্যাভ্যাস । আজিকালি মানুহৰ খাদ্যত চেনি, ৰিফাইন কাৰ্বহাইড্ৰেট, আৰু চৰ্বি বেছিকৈ থাকে। খাদ্যত মিঠাইৰ পৰিমাণো বৃদ্ধি পোৱাত মানুহে পূৰ্বতকৈ বেছি ফাষ্ট ফুড খাবলৈ ধৰিছে। এই ধৰণৰ খাদ্যৰ জি আই সূচকাংক বেছি, যাৰ ফলত শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি পায়। আনহাতে কৰ্মৰ চাপ, ঘৰুৱা উত্তেজনা আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱৰ বাবেও মানুহৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে। কম বয়সতে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধিৰ পোৱাৰ এটা প্ৰধান কাৰণ হ'ল মানসিক চাপ। মানসিক চাপে হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। যিয়ে চেনিৰ মাত্ৰাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।



শৰীৰত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ হলে এইসমূহ উপায় অৱলম্বন কৰক-



দৈনিক কমেও আধা ঘণ্টা ব্যায়াম কৰক
বেছিকৈ মিঠা খোৱা অভ্যাস পৰিহাৰ কৰক
খাদ্য তালিকাত সেউজীয়া শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰক
মানসিক চাপ গ্ৰহণ নকৰিব।


Related

TWITTER

FACEBOOK