অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ সংগীতানুষ্ঠানলৈ কোন কোন চেলিব্ৰেটীৰ আগমন?

DY365
DY365
Published: July 6,2024 04:42 PM
DY365

Story highlights

১২ জুলাইত অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত যুদ্ধকালীন প্ৰস্তুতি। শুকুৰবাৰে অনুষ্ঠিত হৈ যায় অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠান। সংগীত অনুষ্ঠানত দেখা গ’ল বহু চেলিব্ৰ

৬জুলাই,২০২৪: ১২ জুলাইত অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত যুদ্ধকালীন প্ৰস্তুতি। শুকুৰবাৰে অনুষ্ঠিত হৈ যায় অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠান। সংগীত অনুষ্ঠানত দেখা গ’ল বহু চেলিব্ৰেটীক। বলীউডৰ বহু তাৰকা অভিনেতা-অভিনেত্ৰীৰ ভিৰ। মাধুৰী দীক্ষিত, দীপিকা পাডুকন, ঋতেশ দেশমুখ..। গীত গালে কানাডিয়ান পপষ্টাৰ জাষ্টিন বীবাৰে। অনন্ত-ৰাধিকাৰ বিয়াক লৈ গৰম নেচনেল মিডিয়া। পেজ থ্ৰী ৰিপোৰ্টাৰৰ এতিয়া তৰণি নাই গাত।



হাইপ্ৰফাইল বিয়াৰ অভ্যাগতৰ তালিকাও দীঘলীয়া। বিয়াত উপস্থিত থাকিব ছলমান, শ্বাহৰুখ, আমিৰ। অক্ষয় কুমাৰ, ৰণবীৰ কাপুৰ, ৰণৱীৰ সিঙো আমন্ত্ৰিত। আলিয়া, কেটৰিণা, কৰিশ্মা, কৰিনাও আহিব বিয়ালৈ। ১২ৰ পৰা ১৪ জুলাইলৈ বিয়াৰ গ্ৰেণ্ড চেলিব্ৰেশ্যন। বহু ষ্টাৰ ছিংগাৰে গীত পৰিৱেশন কৰিব অনন্ত-ৰাধিকাৰ বিয়াত। এডেল, ড্ৰেক, লানা ডেল ৰে’ৰো সংগীত অনুষ্ঠান। 


Related

TWITTER

FACEBOOK