কোনখন ভাৰতীয় ছবিয়ে লাভ কৰিলে অস্কাৰৰ বাবে অফিচিয়েল এনট্ৰী

DY365
DY365
Published: September 23,2024 04:48 PM
DY365

Story highlights

ৰণবীৰ কাপুৰৰ এনিমেল, কাৰ্তিক আৰিয়ানৰ চান্দু চেম্পিয়ন, প্ৰভাসৰ কলকী ২৮৯৮ এডি,মালায়াম ছবি আটম, ৰাজকুমাৰ ৰাওৰ শ্ৰীকান্ত আদিৰ দৰে ছবিৰ সৈতে প্ৰতিযোগিতা

ছেপ্টেম্বৰ ২৩,২০২৪: ২০২৫ বৰ্ষৰ অস্কাৰ বঁটাৰ বাবে বহুচৰ্চিত 'লাপাটা লেডিজ'ৰ অফিচিয়েল এনট্ৰী। সোমবাৰে এই কথা ঘোষণা কৰে ফিল্ম ফেডাৰেশ্যনে।



কিৰণ ৰাৱে পৰিচালনা কৰা এই ছবিখনে ৰণবীৰ কাপুৰৰ এনিমেল, কাৰ্তিক আৰিয়ানৰ চান্দু চেম্পিয়ন, প্ৰভাসৰ কলকী ২৮৯৮ এডি,মালায়াম ছবি আটম, ৰাজকুমাৰ ৰাওৰ শ্ৰীকান্ত আদিৰ দৰে শিৰোনাম দখলকাৰী ছবিৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। আমিৰ খানৰ সহ-প্ৰযোজনাত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী দুগৰাকী নৱবিবাহিতা কইনা আৰু তেওঁলোকৰ যাত্ৰাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল।



চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰে ছবিখনে। ছবিখনৰ অভিনয়ত আছে নিতাংশী গোৱাল, প্ৰতিভা ৰন্ত,স্পৰ্শ শ্ৰীবাস্তৱ আৰু ৰবি কিষাণ। 'লাপাটা লেডিজ'ৰ অফিচিয়েল এনট্ৰীৰ পাছতেই কিৰণ ৰাৱে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এক প্ৰেছ বিবৃতিত তেওঁ নিজৰ সপোন বাস্তৱত পৰিণত কৰাৰ বাবে বাছনি সমিতি, আমিৰ খান প্ৰডাকছন আৰু জিঅ' ষ্টুডিঅ'ৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।


Related

TWITTER

FACEBOOK