অভিনেত্ৰী জ্যাকলিন ফার্নান্দেজৰ জন্মদিন উপলক্ষে কেৰালা চৰকাৰলৈ ১৫ কোটিৰ সাহায্য সুকেশ চন্দ্ৰশেখৰৰ !

DY365
DY365
Published: August 12,2024 12:02 PM
DY365

Story highlights

ভিনেত্ৰী জ্যাকলিন ফার্নান্দেজক পাহৰিব পৰা নাই মহাপ্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে ! জে’লৰ পৰাই অভিনেত্ৰী জেকলিনলৈ উপহাৰ পঠিয়ালে সুকেশে।

১২ আগষ্ট,২০২৪ : অভিনেত্ৰী জ্যাকলিন ফার্নান্দেজক পাহৰিব পৰা নাই মহাপ্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে ! জে’লৰ পৰাই অভিনেত্ৰী জেকলিনলৈ উপহাৰ পঠিয়ালে সুকেশে। দেওবাৰে আছিল জেকলিনৰ জন্মদিন।  দিল্লীৰ জে’লৰ পৰাই সুকেশে উপহাৰ পঠিয়ালে জেকলিনলৈ। বিলাসী ইয়টসহ এটোপোলা উপহাৰ আহিল সুকেশৰ পৰা। তিনি বছৰ পূৰ্বে হেনো ইয়ট পছন্দ কৰিছিল জেকলিনে। সেই সময়ত জেকলিন প্ৰৱঞ্চক সুকেশৰ সৈতে আছিল বুলি দাবী। সেই বাবেই এইবাৰ জে’লৰ পৰাই পঠিয়ালে সেই ইয়ট। সুকেশে আকৌ ইয়টখনৰ নামো থৈছে, ‘লেডী জেকলিন’। জেকলিনৰ জন্মদিন উপলক্ষে কেৰালা চৰকাৰলৈ ১৫ কোটিৰ সাহায্য সুকেশৰ বুলি দাবী কৰা হৈছে ! ৱায়ানাডৰ বানত ক্ষতিগ্ৰস্তৰ প্ৰতি এই সাহায্য সুকেশৰ।  ক্ষতিগ্ৰস্তৰ বাবে ৩০০ ঘৰ নিৰ্মাণৰো প্ৰতিশ্ৰুতি ।  জেকলিনৰ পোহনীয়া কুকুৰ-মেকুৰীৰ বাবে হাস্পতালো নিৰ্মাণ কৰিছে সুকেশে। সেই হাস্পতাল ইতিমধ্যে নিৰ্মাণ হৈ গৈছে বুলি দাবী সুকেশৰ। 
 


Related

TWITTER

FACEBOOK