টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আজি জন্ম দিন

DY365
DY365
Published: July 7,2024 04:51 PM
DY365

Story highlights

টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আজি ভৰি দিলে ৪৩ বছৰত। পত্নী সাক্ষীৰ সৈতে মাজনিশা কেক কাটি উদযাপন কৰিলে জন্মদিন।

৭জুলাই,২০২৪: টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আজি ভৰি দিলে ৪৩ বছৰত। পত্নী সাক্ষীৰ সৈতে মাজনিশা কেক কাটি উদযাপন কৰিলে জন্মদিন। বাৰ্থডে’ উদযাপনৰ সময়তে সাক্ষীয়ে এপাকত মহেন্দ্ৰ সিং ধোনীৰ ভৰিত সেৱা লয়। এই দৃশ্য এতিয়া হটকেকৰ দৰে বিয়পি পৰিছে ধোনীৰ অনুৰাগীৰ মাজত। ভাৰতীয় দলৰ অন্যতম সফল অধিনায়ক ধোনী। ICCৰ ৩টা খিতাপ লাভ ধোনীৰ নেতৃত্বত সৰ্বাধিক মেচৰ কেপ্টেইনৰ ৰেকৰ্ড ধোনীৰ। সবাতোকৈ বেছি ষ্টাম্পিঙৰ ৰেকৰ্ডো ধোনীৰ নামত। কিছুদিন পূৰ্বে টী 20 ৱাৰ্লড কাপত চেম্পিয়ন হ’ল ভাৰত।



ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে লাভ কৰিলে শ্ৰেষ্ঠত্বৰ খিতাপ। একেই ফৰ্মেটত প্ৰথমবাৰলৈ ভাৰত চেম্পিয়ন হৈছিল ধোনীৰ নেতৃত্বত। ১৭ বছৰ পূৰ্বে এই সফলতা লাভ কৰিছিল ভাৰতে। ২০০৭ চনত টী 20 ফৰ্মেটত প্ৰথমবাৰলৈ বিশ্বকাপ আয়োজন কৰিছিল আই চি চিয়ে। সেই বৰ্ষৰ ভাৰতে টুৰ্নামেণ্টলৈ কোনো ছিনিয়ৰ প্লেয়াৰক পঠিওৱা নাছিল। দায়িত্ব দিয়া হৈছিল যুৱ খেলুৱৈ এম এছ ধোনীক। আৰু সেই ৱৰ্ল্ড কাপত ভাৰতে ৫ ৰানত পৰাস্ত কৰে পাকিস্তানক। ধোনীৰ নেতৃত্বত ভাৰতে খেলিছিল ২০০খন এদিনীয়া। ১১০খন মেচতে বিজয় ভাৰতৰ। ৩৪৭খন এদিনীয়া মেচ খেলি ১০৫৯৯ ৰান ধোনীৰ। ৯টা শতক, ৭৩টা অৰ্ধ শতক অৰ্জন ধোনীৰ। অপৰাজিত ১৮৩ ৰানেৰে সৰ্বোত্তম প্ৰদৰ্শন এদিনীয়াত। ধোনীৰ ৫টা ৰেকৰ্ড এতিয়াও কোনেও স্পৰ্শ কৰিব পৰা নাই। ৩টা সুকীয়া ফৰ্মেটত আই চি চিৰ ট্ৰফী জয় কৰা একমাত্ৰ কেপ্টেইন ধোনী। এদিনীয়াত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা একমাত্ৰ ভাৰতীয় উইকেট কীপাৰ ধোনী। সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচৰ অধিনায়কত্ব কৰা কেপ্টেইন ধোনী। তিনিওটা ফৰ্মেটত ৩৩২খন মেচৰ কেপ্টেইন এম এছ ধোনী। ধোনীৰ জন্মদিনত ডিৱাই365ৰ পৰাও আন্তৰিক শুভেচ্ছা। 


Related

TWITTER

FACEBOOK