সাৱধান! গুৱাহাটীত পুনৰ পুনৰ সৃষ্টি হ’ব পাৰে ভয়াৱহ বান পৰিস্থিতিৰ

DY365
DY365
Published: August 7,2024 06:06 PM
DY365

Story highlights

গুৱাহাটীত পুনৰ ধাৰাসাৰ বৰষুণ। পুনৰ সৃষ্টি হ’ব পাৰে ভয়াৱহ বান পৰিস্থিতিৰ । বৰষুণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৱধানবাণী মহনগৰবাসীলৈ।

৭ আগষ্ট,২০২৪:  গুৱাহাটীত পুনৰ ধাৰাসাৰ বৰষুণ। পুনৰ সৃষ্টি হ’ব পাৰে ভয়াৱহ বান পৰিস্থিতিৰ । বৰষুণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৱধানবাণী মহনগৰবাসীলৈ।  বিশেষ কাম নাথাকিলে ঘৰতে থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। বিনা কাৰণত বাহন বাহিৰলৈ নুলিয়াবলৈ আহ্বান আৰু বিশেষকৈ GS ৰোডত বাহন নচলাবলৈ আহ্বান সকলোকে। ডাউন টাউন এলেকাৰ বাসিন্দালৈয়ো বিশেষ আহ্বান জনোৱা হৈছে। নিশাৰ ভাগত তীব্ৰ যানজঁটৰ আশংকা প্ৰকাশ কৰি সকলোকে কাম নাথাকিলে ঘৰতে থকাৰ আহ্ৱান মুখ্যমন্ত্ৰীৰ। যান-বাহন আৰক্ষীয়েও মুকলি কৰিলে হেল্পলাইন নম্বৰ। যান-জঁটৰ বাবে কিছুসংখ্যক পথ এৰাই চলিবলৈ আহ্বান লগতে জিএছ ৰোডৰ ৰুক্মিণীগাঁও পিবকো পইণ্ট জুৰিপাৰ, পাঞ্জাবাৰী, ছাৰ্ভে-বেলতলা পথ জু-ৰোড, হাতীগাঁও পথ, SFS স্কুল সাতগাঁও জিএনবি ৰোড, বৰিপাৰা, বৰাগাঁও পথ পৰিহাৰৰ আহ্বান চানমাৰি, কমাৰ্চ পইণ্ট পৰিহাৰৰ আহ্বান জনাইছে যান-বাহন আৰক্ষীৰয়ে। কৃত্ৰিম বানপানীৰ বাবে মহানগৰ আৰক্ষীৰ হেল্পলাইন নম্বৰ হৈছে 0361-2730989,6026176755 6901269006 । 


Related

TWITTER

FACEBOOK