দুৰ্গা পূজা কমিটীয়ে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা-

DY365
DY365
Published: September 26,2024 07:08 PM
DY365

Story highlights

দুৰ্গা পূজা কমিটীয়ে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা-

২৬ ছেপ্তেম্বৰ,২০২৪-   



দুৰ্গা পূজা কমিটীয়ে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা-



দুৰ্গা পূজালৈ কেইটামান দিন বাকী থকা অৱস্থাতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে SOP জাৰি কৰিছে। SOP যোগে কামৰূপ মহানগৰ জিলা প্ৰশাসনে  গুৱাহাটীত ৩৭টা নিৰ্দেশনা জাৰি কৰিছে। দুৰ্গা পূজা কমিটীসমূহে পেণ্ডেল নিৰ্মাণৰ বাবে  NOC ল’ব লাগিব।  
PWD বিভাগৰ পৰা পূজা কমিটীসমূহে পেণ্ডেল নিৰ্মাণৰ বাবে NOC সংগ্ৰহ কৰিব লাগিব ।লগতে 
জৰুৰীকালীন অৱস্থাৰ বাবে পূজা কমিটীসমূহে চিকিৎসক, চিকিৎসা কৰ্মী 
পৰ্যাপ্ত পৰিমাণে ৰাখিব লাগিব। লগতে পূজাসমূহত পুৰুষ আৰু মহিলা স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব।
পেণ্ডেলত অগ্নিনিৰ্বাপক সামগ্ৰী মজুত ৰাখিব লাগিব লগতে 
পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খোৱাপানীৰ যোগানৰ ওপৰত গুৰুত্ব দিব লাগিব। পূজা কমিটীসমূহে বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। বলপূৰ্বকভাৱে চান্দা সংগ্ৰহত প্ৰশাসনে  নিষেধাজ্ঞা জাৰি কৰিছে। 
আকৌ পূজা মণ্ডপৰ পৰা ১০০ মিটাৰৰ ভিতৰত যান-বাহন পাৰ্কিঙ কৰিব নোৱাৰিব। নিশা ১০ বজাৰ পিছত উচ্চস্বৰত মাইক বজাব নোৱাৰিব কোনো পূজা কমিটীয়ে। অৰ্থাত উচ্চস্বৰত মাইক বজোৱাতো প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে। জৰুৰীকালীন ব্যৱস্থাৰ বাবে  জিলা প্ৰশাসনৰ লগতে  APDCL, GMC, NDRFৰো নম্বৰ মুকলি কৰি দিছে প্ৰশাসনে। মুকলি কৰি দিয়া নাম্বাৰকেইটা হল- 
GMC CONTROL NUMBER-  8811007000, 7399003001 
APDCL CONTROL NUMBER- 7086077374 
NDRF CONTROL NUMBER-  9435117246 । আপোনাৰ যিকোনো সমস্যাৰ বাবে এইকেইটা নাম্বাৰত যোগাযোগ কৰিব পাৰে।


Related

TWITTER

FACEBOOK