বিশাল, চুমিৰ বিলাসিতাৰ A to Z

DY365
DY365
Published: September 5,2024 11:40 AM
DY365

Story highlights

পানীৰ দৰে খৰচ কৰিছিল কোটি কোটি টকা

ছেপ্তেম্বৰ৫,২০২৪: প্ৰৱঞ্চনাৰ ধন পানীৰ দৰে খৰচ কৰিছিল বিশাল, চুমিয়ে। লাহ-বিলাসৰ নামত খৰচ কৰিছিল কোটি কোটি টকা, DY365ৰ হাতত প্ৰৱঞ্চক বিশাল ফুকন, চুমিৰ সম্পত্তিৰ তালিকা, লোকৰ ধনেৰে অনেক সা-সম্পত্তি গোটাইছিল প্ৰৱঞ্চক বিশাল-চুমিয়ে। আৰক্ষীৰ মাৰাথন জেৰাত বিশালে দিছে ধন আহৰণ-ব্যয়ৰ হিচাপ, যি হিচাপে তদন্তকাৰী আৰক্ষীৰ লগতে চকু কঁপালত তুলিছে সকলোৰে।



ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ অত্যাধুনিক কাৰ্যালয়, কাৰ্যালয়টোৰ ইণ্টেৰিয়’ৰ ডিজাইনত খৰচ কৰিছিল ৮৫ লাখ টকা। কৰিশ্মা কাকতিক ৮৫ লাখৰ ৫০ শতাংশ নগদ ধন দিছিল, বিশাল চুমিয়ে পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ৫০৩নং ফ্লেট কিনিছিল ৬৩.২৫ লাখেৰে। ফ্লেটটো কিনোতে ৪৪ লাখ টকা নগদ দিছিল নটৱৰলাল বিশালে।



ৰেৱ আগৰৱাল পথত চুমি বৰাৰ ডেন্স একাডেমীত ৫০ লাখ ব্যয়, ৩৩ লাখ টকা ইণ্টেৰিয়’ৰ ডিজাইন, ঘৰৰ মালিকক ৫ লাখ নগদ আদায়। চিগমা টাইলছ কিনাৰ নামত খৰচ কৰিলে ১০ লাখ।



 মুম্বাইত বিশালে ৬৭ লাখ টকা ব্যয়ৰে চুমিক দিছিল ডায়মণ্ডৰ ৰিং, বিশালক চুমিয়ে উপহাৰ হিচাপে দিছিল ২.৯ লাখ টকাৰ Versace ব্ৰেণ্ডৰ কাপোৰ। চুমিৰ বাৰ্থডেত বিশালে দিছিল ২ লাখ টকাৰ ৰ’জ টেডী বিয়েৰ। চুমি বৰাৰ জীম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে আদায় দিছিল ৫০ হাজাৰ টকা। 



বিয়াৰ পিছত ডুবাই ফুৰিবলৈ যাওতে পানীৰ দৰে খৰচ কৰিছিল টকা। চুমি, বিশাল, আদিত্যম শইকীয়া আছিল ব্ৰুজ আৰৱত। প্ৰতিনিশা একোটা কোঠাৰ মূল্য আছিল ১৯ লাখ টকাকৈ। তিনিদিন ১৯ লাখকৈ থকাৰ নামতে ব্যয় কৰিছিল ৫৭ লাখ। হোটেল আটলাণ্টিকত প্ৰতিনিশা ১ লাখকৈ ৫ দিনত দিছিল ৫ লাখ টকা।


Related

TWITTER

FACEBOOK