চিকিত্‍সা সেৱাৰ মাচুল বৃদ্ধিৰে দৰিদ্ৰ-নিম্ন মধ্যবিত্তক পুনৰ মাধমাৰ শোধালে ৰাজ্য চৰকাৰে

DY365
DY365
Published: August 2,2024 12:40 PM
DY365

Story highlights

চৰকাৰী চিকিত্‍সা সেৱাত ক’ত কিমান দাম ভৰিব লাগিব আপুনি?

২ আগষ্ট,২০২৪: নিৰ্বাচল গ'ল,চৰকাৰো গঠন হ'ল। তাৰপাছতে দৰিদ্ৰ-নিম্ন মধ্যবিত্তক আকৌ এবাৰ মাধমাৰ ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা আৰু  অধিক ব্যয়বহুল হ'ব চৰকাৰী চিকিত্‍সা সেৱা। এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। চিকিত্‍সা সেৱাৰ মাচুল বৃদ্ধিৰে দৰিদ্ৰ-নিম্ন মধ্যবিত্তক শোধালে মাধমাৰ।



ক’ত কিমান দাম ভৰিব লাগিব আপুনি? ১০০ৰ পৰা ৩০০ শতাংশ পৰ্যন্ত বৃদ্ধি পালে চিকিত্‍সা সেৱা মাচুল। চিকিত্‍সা সেৱাৰ পঞ্জীয়ন মাচুল ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি কৰা হৈছে। প্ৰতিদিনৰ বেড চাৰ্জো পূৰ্বৰ ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি কৰা হৈছে। পেয়িং কেবিনৰ মাচুলো বৃদ্ধি কৰা হৈছে ১,০০০ টকাৰ পৰা ১,১০০ টকালৈ। LFTৰ পূৰ্বৰ মাচুল ৪১০ টকাৰ পৰা ৯০০ টকালৈ বৃদ্ধি আৰু LIPID PROFILE TESTত পূৰ্বৰ ৩৬৫ৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰা হ'ল। BILIRUBIN & FRACTIONত পূৰ্বৰ ১৫০ টকাৰ পৰা ২০০ টকালৈও বৃদ্ধি কৰা হৈছে। ANA প্ৰফাইল টেষ্টৰ মাচুল ৩,০০০ টকাৰ পৰা ৩,৫০০ টকালৈ বৃদ্ধি, আনহাতে,ক্ৰিয়েটিনিন পৰীক্ষাৰ মাচুল ৪০ টকাৰ পৰা ১০০ টকালৈ বৃদ্ধি কৰা হৈছে। তেজৰ CKMB পৰীক্ষাৰ মাচুল ৩১৫ টকাৰ পৰা ৬০০ টকালৈ বৃদ্ধি,৩০০ টকাৰ FOLATE পৰীক্ষাৰ মাচুল একেবাৰতে বাঢ়িল ৯০০ টকালৈ,আইৰন প্ৰফাইল টেষ্টৰ মাচুল ৬৬০ টকাৰ পৰা ১,১০০ টকালৈ বৃদ্ধি,থাইৰয়ড প্ৰফাইল টেষ্টৰ মাচুল ৬০০ টকাৰ পৰা ৮০০ টকালৈ বৃদ্ধি,ইউৰিক এছিডৰ টেষ্টৰ মাচুল ৬০ টকাৰ পৰা ১০০ টকালৈ বৃদ্ধি,ফাষ্টিং ব্লাড ছুগাৰ টেষ্টৰ পূ্ৰ্বৰ মাচুল ৩০ টকাৰ পৰা ৬০ টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ ৮০ টকাৰ ট্ৰাইগ্লীচাৰিড টেষ্টৰ মাচুল ১৫০ টকালৈ বৃদ্ধি আৰু লগতে ইউৰিন ACR টেষ্টৰ মাচুল ২৫০ টকাৰ পৰা ৩৫০ টকালৈ বৃদ্ধি আৰু RBS পৰীক্ষাৰ মাচুল ৩০ টকাৰ পৰা একেকোবে হ’ল ৬০ টকা। 


Related

TWITTER

FACEBOOK