ফাগুনৰ আগমনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং

DY365
DY365
Published: February 16,2025 09:40 PM
DY365

Story highlights

ফাগুনৰ আগমনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং

১৬ ফেব্ৰুৱাৰী ২০২৫- ফাগুনৰ আগমনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং



বসন্তৰ ফুলাম চিঠিৰ বতৰা লৈ আউলি বাউলি হৈ আকৌ আহিল বলিয়া ফাগুন। লঠঙা গছৰ ডালত সাজি-কাচি গুমৰাগৰ তালে তালে কঁকাল ঘূৰাই নাচি-বাগি এয়া হেঁপাহৰ ফাগুন। আৱেগৰ ধূলিৰে ধূসৰিত কৰি বাৰে বাৰে বলিয়া ফাগুনে দিছে প্ৰেমৰ বতৰা। ফাগুনৰ আগমনৰ লগে লগে ৰং সলনি হৈছে প্ৰকৃতিৰো। চৌপাশে মদাৰ-শিমলুৰ ৰঙত ৰঙীন হৈ হৃদয়ে হৃদয়ে বিয়পিছে হেঁপাহৰ ফাগুন। একাবেকা ধূলিয়ৰি পথত আকাশ ৰঙীন কৰি জিলিকি উঠা শিমলু, মদাৰৰ সৌন্দৰ্যত অপৰূপা হৈ পৰা কাজিৰঙালৈ বৈছে দেশী–বিদেশী পৰ্যটকৰ সোঁত।



ফাগুনৰ এই বলিয়া বতাহত অপৰূপা হৈ পৰিছে কাজিৰঙাৰ সৌন্দৰ্য্য। ফাগুনে সিঁচি দিয়া ৰঙীন সৌন্দৰ্য্যই কাজিৰঙালৈ হাতবাউলি দি মাতিছে দেশী-বিদেশী পৰ্যটকক ৷ ঋতু ভেদে ৰং সলোৱা কাজিৰঙাত এতিয়া সেউজীয়াৰ সমাহাৰৰ বিপৰীতে ফাগুনৰ ধূসৰ পৰিৱেশ ৷ ইয়াৰ মাজতো প্ৰকৃতিৰ সুন্দৰতাই অনন্য ৰূপ দিছে কাজিৰঙাক ৷ একা–বেঁকা ধূলিয়ৰি পথত আকাশ ৰঙীন কৰি জিলিকিছে শিমলু ফুলৰ ৰঙা ৰঙা পাহিবোৰ ৷ ফাগুনে ন ৰূপত সজোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা পৰিৱেশৰ মাজত বন্যজন্তুৰ বিচৰণৰ নান্দনিকতাত মুগ্ধ হৈ পৰিছে দেশী-বিদেশী পৰ্যটক৷


Related

TWITTER

FACEBOOK