ADRE পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ আপুনি লগত কি কি লৈ যাব পাৰিব?

DY365
DY365
Published: September 14,2024 02:30 PM
DY365

Story highlights

ADRE পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ আপুনি লগত কি কি লৈ যাব পাৰিব?

১৪ চেপ্তেম্বৰ,২০২৪-   ADRE পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ আপুনি লগত কি কি লৈ যাব পাৰিব?
কাইলৈ ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি পৰীক্ষা। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত মুঠ ১১ লাখ ২৩ হাজাৰ ২০৪গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। এইবাৰ  নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা লোকক তিনি বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। তদুপৰি সংশ্লিষ্ট লোকজনক ১ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।
কিন্ত পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ আপুনি লগত কি কি লৈ যাব ? ইয়াৰ বাবে নিৰ্দেশনাৱলী জাৰি কৰা হৈছে। নিৰ্দেশনাৱলীসমূহ হ
 ADRE পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ আপুনি লগত কি কি লৈ যাব পাৰিব?
কাইলৈ ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি পৰীক্ষা। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত মুঠ ১১ লাখ ২৩ হাজাৰ ২০৪গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। এইবাৰ  নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা লোকক তিনি বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। তদুপৰি সংশ্লিষ্ট লোকজনক ১ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।
কিন্ত পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ আপুনি লগত কি কি লৈ যাব ? ইয়াৰ বাবে নিৰ্দেশনাৱলী জাৰি কৰা হৈছে। নিৰ্দেশনাৱলীসমূহ হল-
পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব।



পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ এডমিট কাৰ্ডৰ লগত কেৱল নিব পাৰিব নীলা বা ক’লা ৰঙৰ বল পেন, পেঞ্চিল, স্কেল আৰু ৰবৰ।



লগতে পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয় পত্ৰ। পৰিচয় পত্ৰৰ ভিতৰত পৰিব আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ।



আনহাতে মোবাইল ফোন, যিকোনো ধৰনৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইচ নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 
স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ব্লুটুথ ডিভাইচ, ইয়াৰফোন, মাইক্ৰ’ফোন আদি সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব।



উল্লেখ্য যে এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে ৷ পৰীক্ষাৰ OMR চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলে সাৱধান হওঁক ৷ কিয়নো OMR ছীটত এটাত কৈ অধিক নম্বৰত চিহ্নিত কৰিলে প্ৰাৰ্থীসকলে ভুল ঋণাত্মক নম্বৰ লাভ কৰিব হ'ল-
পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব।



পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ এডমিট কাৰ্ডৰ লগত কেৱল নিব পাৰিব নীলা বা ক’লা ৰঙৰ বল পেন, পেঞ্চিল, স্কেল আৰু ৰবৰ।



লগতে পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয় পত্ৰ। পৰিচয় পত্ৰৰ ভিতৰত পৰিব আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ।



আনহাতে মোবাইল ফোন, যিকোনো ধৰনৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইচ নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 
স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ব্লুটুথ ডিভাইচ, ইয়াৰফোন, মাইক্ৰ’ফোন আদি সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব।



উল্লেখ্য যে এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে ৷ পৰীক্ষাৰ OMR চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলে সাৱধান হওঁক ৷ কিয়নো OMR ছীটত এটাতকৈ অধিক নম্বৰত চিহ্নিত কৰিলে প্ৰাৰ্থীসকলে ভুল ঋণাত্মক নম্বৰ লাভ কৰিব ৷


Related

TWITTER

FACEBOOK