১৪ ফেব্ৰুৱাৰী ২০২৫- হাতত ৰঙা গোলাপ লৈ ৰাজপথত যানবাহন আৰক্ষী
আজি ১৪ ফেব্ৰুৱাৰী । প্ৰেমৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন । এই বিশেষ দিনটোতে আমিনগাও ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সন্মুখৰ হাজো-আমিনগাও পথত লোৱা হয় এক ব্যতিক্ৰমী কাৰ্যসূচী । কামৰূপ যানবাহন আৰক্ষী আৰু " Yotta Data Services" ৰ ফালৰ পৰা লোৱা হয় এক ব্যতিক্ৰমী কাৰ্যসূচী । হাতত ৰঙা গোলাপ,হেলমেট লৈ ৰাজপথত সস্তম যানবাহন আৰক্ষী আৰু যুৱকৰ দল । হেলমেট নিপিন্ধা প্ৰতিজন বাইক চালকক এটা ৰঙা গোলাপ আৰু হেলমেট উপহাৰ দি যানবাহন আইন ভংগ নকৰিবলৈ আহ্বান জনালে আৰক্ষী আৰু যুৱকৰ দলটোৱে । কেৱল ইমানেই নহয় যানবাহন আইন মানি বাইক, গাড়ী চলোৱা প্ৰতিজন লোকৰ মাজতো ৰঙা গোলাপ আৰু হেলমেট প্ৰদান কৰি শুভেচ্ছা জনালে দলটোৰ সদস্য সকলে ।