ভয়ংকৰ হত্যাকাণ্ড! উদ্ধাৰ কৰা হৈছে ৩টাকৈ মৃতদেহ

DY365
DY365
Published: February 12,2025 05:31 PM
DY365

Story highlights

ভয়ংকৰ হত্যাকাণ্ড! উদ্ধাৰ কৰা হৈছে ৩টাকৈ মৃতদেহ

 ১২ ফেব্ৰুৱাৰী ২০২৫-  ভয়ংকৰ হত্যাকাণ্ড! উদ্ধাৰ কৰা হৈছে ৩টাকৈ মৃতদেহ



গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ হত্যাকাণ্ড। ঘৰৰ ভিতৰতে একেলগে উদ্ধাৰ কৰা হৈছে ৩টাকৈ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহকেইটা আছিল একে পৰিয়ালৰ আছিল সদস্য। 
মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। জুলি ডেকা নামৰ মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ জীয়ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে জুলি ডেকাৰ স্বামী লোহিত ঠাকুৰীয়াৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে ঘৰৰ ভিতৰতে। পত্নী, কন্যাক হত্যা কৰি লোহিত ঠাকুৰীয়াই চৰম পন্থা লোৱাৰ সন্দেহ কৰা হৈছে। বামুণীমৈদামৰ ৰে’লৱে কলনীৰ আৱাসী আছিল পৰিয়ালটো। পত্নী, সন্তান আৰু স্বামীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।


TWITTER

FACEBOOK