২৬ মাৰ্চ, ২০২৪ঃ চাপৰত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এক গোপন সূত্ৰৰ পমখেদি চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি ইংতিৰ নেতৃত্বত চলিছিল অভিযান।
আৰক্ষীৰ এটা দলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান। অভিযানত জব্দ ১৯৮ টা নিষিদ্ধ ক’ফ চিৰাপ। চাৰিচকীয়া বাহন সহ এজন ব্যক্তিক আটক আৰক্ষীৰ।
উল্লেখ্য যে এখন চাৰিচকীয়া বাহনত নিষিদ্ধ কফ চিৰাপখিনি বেংগলৰ পৰা গোৱালপাৰা জিলাৰ পাইকান লৈ গৈ আছিল। আটকাধীন ব্যক্তিজন হাউলিৰ নাজিম উদ্দিন বুলি জানিব পৰা গৈছে।
জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS-01-DN-7636। সম্প্ৰতি আটকাধীন নাজিম উদ্দিনক সোধ-পোচ অব্যাহত ৰাখিছে চাপৰ আৰক্ষীয়ে।