ADREৰ পৰীক্ষাৰ্থীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ সুবিধা ।

DY365
DY365
Published: September 14,2024 06:23 PM
DY365

Story highlights

ADREৰ পৰীক্ষাৰ্থীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ সুবিধা ।

১৪ চেপ্তেম্বৰ,২০২৪- ADREৰ পৰীক্ষাৰ্থীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ সুবিধা । কোনখন ৰে'ল ক'ৰ পৰা কেতিয়া চলিব, জানক সবিশেষ-



দেওবাৰে অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি পৰীক্ষা। এইবাৰ ADREৰ পৰীক্ষাৰ্থীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই দিছে বিশেষ সুবিধা।
উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৩য় আৰু ৪র্থ বৰ্গৰ পৰীক্ষাত অৱতীর্ণ হ'বলগীয়া প্রার্থীসকলৰ সুবিধার্থে ১২খনকৈ বিশেষ ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। লগতে, ৩য় আৰু ৪র্থ বৰ্গৰ পৰীক্ষাত অৱতীর্ণ হ'বলগীয়া প্রার্থীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্রণ কৰাৰ অর্থে দুখন নিয়মীয়া ৰে'ল সেৱাৰ সম্প্রসাৰণ কৰাৰ বাবে সুবিধা প্ৰদান কৰিছে। এই ৰে’লসমূহে পৰীক্ষাৰ্থীসকলৰ বাবে অতিৰিক্ত যাতায়াতৰ বিকল্প প্ৰদান কৰিব, যাৰ ফলত পৰীক্ষা  কেন্দ্ৰসমূহত পৰীক্ষাৰ্থীসকলে সময়মতে উপস্থিত হ’ব পাৰিব। তলত ৰে’লসমূহ চলাচল কৰা সময়সূচী আৰু ৰে’লসমূহৰ নাম উল্লেখ কৰা হ’ল




আলিপুৰদুৱাৰ-গুৱাহাটী-আলিপুৰদুৱাৰ (ট্ৰেইন নং ০৫১৫৭/০৫১৫৮)
, আলিপুৰদুৱাৰ-বঙাইগাঁও-আলিপুৰদুৱাৰ (ট্ৰেইন নং ০৫১৫৯/০৫১৬০)



, মৰিয়নী-নাৰেংগী-মৰিয়নী (ট্ৰেইন নং ০৫১৬১/০৫১৬২)
, হয়বৰগাঁও-গুৱাহাটী-হয়বৰগাঁও (ট্ৰেইন নং ০৫১৭৫/০৫১৭৬), 
কৰিমগঞ্জ-শিলচৰ-কৰিমগঞ্জ (ট্ৰেইন নং ০৫১৭৯/০৫১৮০, ০৫১৮১/০৫১৮২),
 ডিব্ৰুগড়-লিডু-ডিব্ৰুগড় (ট্ৰেইন নং ০৫১৮৩/০৫১৮৪)
, জামিৰা-চিলচৰ-জমিৰা (ট্ৰেইন নং ০৫১৮৫/০৫১৮৬, ০৫১৮৭/০৫১৭৮, ০৫১৯৭/০৫১৯৮, ০৫১০৩/০৫১০৪)



, মুৰ্কংচেলেক-কামাখ্যা-মুৰ্কংচেলেক (ট্ৰেইন নং ০৫১৮৭/০৫১৮৮)
, বৰ্ধিত নিয়মীয়া ৰেল সেৱা: 
নিউ জলপাইগুৰি-বঙাইগাঁও-নিউ জলপাইগুৰি এক্সপ্ৰেছ (ট্ৰেইন নং ১৫৭০৩/১৫৭০৪)
 আৰু 
নিউ বঙাইগাঁও-গুৱাহাটী-নিউ বঙাইগাঁও যাত্ৰীবাহী ৰেল (ট্ৰেইন নং ০৫৮০১/০৫৮০২)


Related

TWITTER

FACEBOOK