কেইবাদিনলৈ গুৱাহাটীত বন্ধ পানী যোগান!

DY365
DY365
Published: February 12,2025 04:11 PM
DY365

Story highlights

কেইবাদিনলৈ গুৱাহাটীত বন্ধ পানী যোগান!

 ১২ ফেব্ৰুৱাৰী ২০২৫- কেইবাদিনলৈ গুৱাহাটীত বন্ধ পানী যোগান!



গুৱাহাটীত কেইবাদিনলৈ বন্ধ থাকিব পানী যোগান। পাইপ লাইন মেৰামতিৰ বাবে জলব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । আজিৰে পৰা তিনিটা পৰ্যায়ত গুৱাহাটী জলব’ৰ্ডে বন্ধ ৰাখিছে পানী যোগান। যাৰ বাবে সমগ্ৰ মহানগৰবাসীয়ে কিছুদিনলৈ খোৱাপানী নাপাব। ইতিমধ্যে গুৱাহাটী জল বোৰ্ডে ইয়াকে লৈ জাৰি কৰিছে বিশেষ জাননী। প্ৰথম পৰ্যায়ত ১২ ফেব্ৰুৱাৰীৰ ১৫ ফেব্ৰুৱাৰীলৈ বন্ধ হ’ব পানী যোগান। দ্বিতীয় পৰ্যায়ত ১৯ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধৰ জাননী। আনহাতে তৃতীয় পৰ্যায়ত ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ পানীৰ যোগান বন্ধ থাকিব। জল বোৰ্ডৰ অধীনৰ পানীৰ পাইপ মেৰামতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ মহানগৰীত ইটোৰ পিছত সিটো জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। পাইপ ফটাৰ বাবেই মহানগৰীৰ বিভিন্ন প্ৰান্ত বুৰাই পেলাইছিল পানীয়ে। ইয়াৰ বাবেই জলব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।


TWITTER

FACEBOOK