১৭ জানুৱাৰী ২০২৫- দিলীপ শইকীয়াৰ হাতত ৰাজ্যিক বিজেপিৰ গুৰু দায়িত্ব
অৱশেষত ৰাজ্যিক বিজেপিয়ে পালে নতুন সভাপতি। ভৱেশ কলিতাৰ উত্তৰাধিকাৰী হিচাপে বিজেপি অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা দিলীপ শইকীয়াই। বৃহস্পতিবাৰে সন্ধিয়াই দিলীপ শইকীয়াৰ নাম সভাপতি হিচাপে ঘোষণা কৰা হৈছিল যদিও আজি বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মঞ্চত সেৱা লৈ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে শইকীয়াই।
উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৌৰত ৰণজিত কুমাৰ দাস,পল্লৱ লোচন দাস, প্ৰদান বৰুৱাকে আদি কৰি কেবাজনৰো নাম আছিল যদিও অৱশেষত জ্যেষ্ঠ বিজেপি নেতা তথা RSS কৰ্মী দিলীপ শইকীয়াক সভাপতি হিচাপে নিৰ্বাচন কৰা হয় । দিলীপ শইকীয়াৰ নেতৃত্বতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব।
বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সম্বিত পাত্ৰ, অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিদায়ী সভাপতি ভৱেশ কলিতা সমন্বিতে বহু কেইগৰাকী নেতাৰ উপস্থিতিত দিলীপ শইকীয়াক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়।