২৫ মাৰ্চ, ২০২৪ঃ ৰাজ্যজুৰি হোলীৰ আনন্দ উছাহৰ মাজতেই ছয়গাঁৱৰ গৰৈমাৰীৰ হাতীপাৰাত বিধ্বংসী অগ্নিকাণ্ড। হাতীপাৰাৰ মানিক আলীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।
স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও জুইত পৰিয়ালটোৰ বিস্তৰ ক্ষতি হয়। বিদ্যুতৰ শ্বৰ্ট-চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত গৰৈমাৰী আৰক্ষীয়ে উপস্থিত হৈ ক্ষয়-ক্ষতিৰ তদন্ত আৰম্ভ কৰিছে।