‘মুছলমান সমাজৰ পৰা হ’ব লাগে ডাক্টৰ–ইঞ্জিনিয়াৰ’, পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষ্ফোৰক মন্তব্য মাদ্ৰাছাক লৈ

DY365
DY365
Published: August 19,2024 10:39 AM
DY365

Story highlights

‘সমাজত দৰকাৰ নাই জোনাব–ইমামৰ’, ‘আধুনিক ভাৰতত মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই’ ‘মুছলমান সমাজৰ পৰা হ’ব লাগে ডাক্টৰ–ইঞ্জিনিয়াৰ’।

১৯ আগষ্ট,২০২৪: ‘সমাজত দৰকাৰ নাই জোনাব–ইমামৰ’, ‘আধুনিক ভাৰতত মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই’ ‘মুছলমান সমাজৰ পৰা হ’ব লাগে ডাক্টৰ–ইঞ্জিনিয়াৰ’। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষ্ফোৰক মন্তব্য মাদ্ৰাছাক লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ’ আৰু ‘একাংশ মুছলমানে শুকুৰবাৰে স্কুল বন্ধ ৰখাৰ দাবী কৰে’।‘প্ৰথমে অসমৰো কেইবাখনো জিলাত শুকুৰবাৰে স্কুল বন্ধ ৰখা হৈছিল’ কিন্তু ‘মই শিক্ষামন্ত্ৰী হোৱাৰ পিছত এই ব্যৱস্থা উঠাই দিছো’। লগতে অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে ৬০০ মাদ্ৰাছা বন্ধ কৰাৰ কথা কয়। আৰু শীঘ্ৰেই বাকী থকা সকলো মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। 
 


Related

TWITTER

FACEBOOK