বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ!

DY365
DY365
Published: February 9,2025 05:53 PM
DY365

Story highlights

বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ!

৯ ফেব্ৰুৱাৰী,২০২৫: বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ!



বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে। চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ঝুমুৰ বিনন্দীয়া কাৰ্যসূচী। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া এই কাৰ্যসূচীক লৈ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত একেলগে পাঁচখন জিলাৰ শিল্পীয়ে কৰিছে শেষ আখৰা। দিন-ৰাতি একাকাৰ কৰি ৩৪৭১ গৰাকী চাহ জনগোষ্ঠীয় যুৱক-যুৱতী ব্যস্ত হৈ পৰিছে আখৰাত।



ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, ধেমাজিৰ পৰা অহা শিল্পী ব্যস্ত হৈ পৰিছে শেষ আখৰাত। ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্রীসহ বহু নেতা কৰ্মীৰ উপস্থিতত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই খনিকৰ খেলপথাৰৰ পৰা ভাৰ্চুৱেলী অন্তিম আখৰা তথা প্ৰস্তুতিৰ দৃশ্য উপভোগ কৰে।



মুঠৰ ওপৰত ৰাজ্য চৰকাৰৰ এই পদক্ষেপক সহাৰি জনাইছে চাহ জনগোষ্ঠীৰ শিল্পী সকলে। ৮০০ চাহ বাগিচাৰ ৮ হাজাৰ ঝুমুৰ শিল্পীৰ অনন্য প্ৰদৰ্শনৰ প্ৰস্তুতি লৈ চাহ জনগোষ্ঠীয় লোকৰ মাজত বৈছে উছাহৰ লহৰ।


TWITTER

FACEBOOK