১১ ফেব্ৰুৱাৰী,২০২৫:ৰঙাপৰাত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত নিহত হৈছে এজন লোক লগতে দুজনকৈ লোক আহত হৈছে ৷ চেঁচা চাহ বাগিচাৰ ফেক্টৰী মেনেজাৰ প্ৰীতম বৰুৱাই প্ৰাণ হেৰুৱাই দুৰ্ঘটনাটোত। ৰঙাপৰাৰ চেঁচা চাহ বাগিচাৰ ফেক্টৰীৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুখন বাইকৰ মাজত মূখামুখী সংঘৰ্ষৰ ফলত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। আহত লোক দুজন হৈছে বিকী কান্দোলনা আৰু ইছদৰ তপ্ন ৷ ফেক্টৰী মেনেজাৰ প্ৰীতম বৰুৱাই নিজৰ কাম শেষ কৰি AS 12H 0185 নম্বৰ মটৰচাইকেলেৰে ঠাকুৰবাৰী নাহৰবাৰী নিজ গৃহলৈ গৈ থকা সময়তেই ৰঙাপৰাৰ পৰা বিন্দুকুৰি অভিমুখী নম্বৰ বিহীন মটৰচাইকেল খনে খুন্দা মৰাত আহত হয় প্ৰীতম বৰুৱা ৷ আহত প্ৰিতম বৰুৱাক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও মৃত্যু সাৱতি লবলগীয়া হয় প্ৰীতম বৰুৱাই ৷ আনহাতে নম্বৰ বিহীন মটৰচাইকেলৰ আৰহী দুজনক চেঁচা চাহ বাগিচাৰ চিকিৎসালয় ভৰ্তি কৰোৱা হয় ৷