২১ নৱেম্বৰ,২০২৩ঃ ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন ছাত্ৰ। ডিব্ৰুগড়ৰ বকুল পলিটেকনিকৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত ঘটনাস্থলীতেই মৃত্যুক সাৱটি লয় ছাত্ৰজনে। তীব্ৰবেগী KTM বাইকত আহিছিল তিনিজন বন্ধু।
বকুল আঠাবাৰী দিশৰ পৰা পলিটেকনিক দিশেৰে আহি থকা অৱস্থাত পথৰ কাষৰ এটা খুটাত খুণ্ডা মাৰে। ঘটনাস্থলীতেই মৃত্যু হয় অভিজিত বৰুৱা নামৰ যুৱকজনৰ। সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বাইকখনত থকা আন দুই ছাত্ৰক।
ছাত্ৰ দুজন ক্ৰমে আকাশদ্বীপ বৰুৱা আৰু ৰিদিপ চেতিয়া। আটাইকেইজন লাহোৱাল মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে। KTM বাইকখনৰ নম্বৰ AS - 24 AE - 3474।