নিয়ম নামানি প্ৰধানমন্ত্ৰীয়ে ভৰিলে জৰিমনা, খুজিলে ক্ষমা

DY365
DY365
Published: April 10,2021 09:46 AM
DY365

Story highlights

প্ৰমাণিত হ’ল আইন যে সকলোৰে বাবে সমান! এগৰাকী প্ৰধানমন্ত্ৰীয়ে ভৰিলে জৰিমনা, কাৰণ ভংগ কৰিছিল কভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা

১০ এপ্ৰিল, ২০২১ : আইন যে সকলোৰে বাবে সমান সেই কথাই প্ৰমাণ কৰি দিলে নৰ’ৱেৰ এই ঘটনাই। নিয়ম নমনা এগৰাকী প্ৰধানমন্ত্ৰী পৰিল আইনৰ ৰোষত। নিজৰ জন্মদিন উদযাপন কৰি বিপদত প্ৰধানমন্ত্ৰীগৰাকী। মহামাৰী কভিড-১৯ৰ সামাজিক দূৰত্ব বিধি মানি নচলাৰ অভিযোগত শাস্তিৰ সন্মুখীন হ'বলগীয়া হ’ল নৰৱে’ৰ এইগৰাকী প্ৰধানমন্ত্ৰীয়ে। এটকা-দুটকা নহয়, ২০ হাজাৰ নৰৱে’ ক্ৰাউনছৰ জৰিমনা ভৰিব লগা হৈছে প্ৰধানমন্ত্ৰী এৰ্না ছলবাৰ্গে। কেৱল জৰিমনাই নহয়, দেশবাসীৰ ওচৰত ক্ষমাও বিচাৰিবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰীগৰাকী।
উল্লেখনীয় যে কভিডৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি নৰৱে’ত ৰাজহুৱা স্থানত কেৱল ১০গৰাকী লোকৰহে সমাৱেশৰ বাবে দিয়া হয় অনুমতি। পিছে এই নীতি ভংগ কৰে খোদ প্ৰধানমন্ত্ৰীয়ে। নিজৰ ৬০ বছৰীয়া জন্মদিনত ১৩গৰাকী আত্মীয়ৰ সৈতে উদযাপন কৰে বিশেষ দিনটো। ১০গৰাকীতকৈ ৩গৰাকী অধিক লোকৰ সমাৱেশেৰে নিজৰ জন্মদিন উদযাপন কৰে নৰৱে’ৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১০গৰাকীতকৈ ৩গৰাকী অধিক লোকৰ সমাৱেশৰ বাবে ২,৩৫২ আমেৰিকান ডলাৰ অৰ্থাত্‍ ভাৰতীয় মুদ্ৰা অনুসৰি ১. ৭৫ লক্ষাধিক টকাৰ জৰিমনা ভৰিব লগা হৈছে প্ৰধানমন্ত্ৰী এৰ্না ছালবাৰ্গে।


Related

TWITTER

FACEBOOK