কোনে কিয় গোচৰ তৰিলে ফেচবুকৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে?

DY365
DY365
Published: April 9,2021 09:07 PM
DY365

Story highlights

দেশৰ এটা মুছলমান সংগঠনে ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ

৯ এপ্ৰিল, ২০২১ : দেশৰ এটা মুছলমান সংগঠনে ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। তেওঁলোকৰ অভিযোগ যে ফেচবুকে কণ্টেণ্ট ৰিমভেল পলিচীৰ বিষয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। ফেচবুকে মিছাকৈ দাবী কৰে যে ফেচবুকৰ নীতি উলংঘা কৰা কণ্টেণ্ট আঁতৰোৱা হয়, পিছে মুছলমান বিৰোধী আৰু ঘৃণামূলক সমল বিয়পা বন্ধ কৰিবলৈ সক্ষম হোৱা নাই।



মুছলমান অধিবক্তাসকলৰ দ্বাৰা দাখিল কৰা অভিযোগত, মুছলমান সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত ভুল তথ্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দিবলৈ অনুমতি দিছে ফেচবুকে। আনহাতে জুকাৰবাৰ্গে নিজেই দাবী কৰিছে যে ফেচবুকে যিকোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নিৰ্ধাৰিত মান উলংঘা কৰা পোষ্টসমূহ তৎক্ষণাৎ আঁতৰাই দিয়ে।



গোচৰটোত অভিযোগ কৰা হৈছিল যে ম্যানমাৰত গণহত্যা, ভাৰতত মুছলমানসকলৰ গণহত্যা আৰু শ্ৰীলংকাত হিংসা আৰু হত্যাকাণ্ড সংঘটিত কৰিবলৈ কেইবাবাৰো ব্যৱহাৰ কৰা হৈছিল ফেচবুক। এনে ভিডিঅ'বোৰ ফেচবুকত লাইভ ষ্ট্ৰীমিং আছিল আৰু শ শ বাৰ ফৰৱাৰ্ড কৰা হৈছিল। মুছলমান বিৰোধী অনলাইন ঘৃণামূলক ভাষণৰ বিৰূপ প্ৰভাৱ পৰিছিল সমগ্ৰ বিশ্বতে।



আনহাতে এই অভিযোগ অস্বীকাৰ কৰি ফেচবুকে স্পষ্ট কৰি দিয়ে যে ফেচবুকত ঘৃণামূলক ভাষণ ৰখাৰ অনুমতি নিদিয়ে। আৰু এক বিবৃতিত কয় ফেচবুক সকলোৰে বাবে এক সুৰক্ষিত স্থান হোৱাটো নিশ্চিত কৰিবলৈ ই নিয়মীয়াকৈ বিশেষজ্ঞসকলৰ সৈতে কাম কৰে। কোম্পানীটোৱে দাবী কৰিছে যে এআই প্ৰযুক্তিৰ সহায়ত, আমি ৯৭ শতাংশলৈকে ঘৃণামূলক ভাষণ চিনাক্ত আৰু আঁতৰ কৰোঁ।


Related