২০ এপ্ৰিল, ২০২১: কামৰূপ মহানগৰ জিলাত ক্ৰমাৎ বৃদ্ধি হোৱা ক’ভিড আক্ৰান্তৰ সংখ্যাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মঙলবাৰে জিলাখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মহানগৰৰ সকলো চিকিৎসালয়ত ক’ভিড-১৯ ৰোগীৰ বাবে উপলব্ধ বিচনাৰ সংখ্যা, মজুত ঔষধৰ পৰিমাণ, এন্টিজেন কিট, পিপিই কিট আদিৰ বিষয়ে পৰ্যালোচনা কৰে উপায়ুক্ত গৰাকীয়ে। বৰ্তমান মহানগৰত প্ৰদান কৰা ক’ভিড ১৯ টীকাকৰণৰ অগ্ৰগতি আৰু নমুনা সংগ্ৰহৰ বিষয়েও বুজ লয় উপায়ুক্ত পেগুৱে। জিলা উপায়ুক্ত গৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্ত, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্তত্ৰয় ক্ৰমে চিন্ময় নাথ, শৰ্মিষ্ঠা বৰা আৰু বিপুল দাসৰ লগতে জিলাখনৰ সকলো চক্ৰ বিষয়া, যুটীয়া স্বাস্থ্য সঞ্চালক ডা° গনেশ শইকীয়া আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকল উপস্থিত থাকে।