আমি কিয় সূৰ্য্যৰ ৰং ভিন্ন দেখো?

DY365
DY365
Published: January 19,2025 06:46 PM
DY365

Story highlights

আমি কিয় সূৰ্য্যৰ ৰং ভিন্ন দেখো?

১৯ জানুৱাৰী ২০২৫-  আমি কিয় সূৰ্য্যৰ ৰং ভিন্ন দেখো?



বিশ্বব্রহ্মাণ্ডখন অশেষ ৰহস্যৰে ভৰপূৰ। যদি আপোনাক কোনোবাই প্ৰশ্ন কৰে সূৰ্য্যৰ ৰং কেনেকুৱা তেনেহলে অপুনি কি উত্তৰ দিব? আপুনি নিশ্চয়কৈ সূৰ্য্যৰ ৰং হালধীয়া বা কমলা বুলি উত্তৰ দিব। কিন্তু আপুনি জানেনে সূৰ্য্যৰ প্ৰকৃত ৰং কি? আজি আমি আপোনালোকক ক'ম সূৰ্য্যৰ প্ৰকৃত ৰং কি আৰু পৃথিৱীৰ পৰা অমি সূৰ্য্যৰ  ৰং কিয় বেলেগ বেলেগ দেখো। 
পৃথিৱীৰ পৰা সূৰ্য্যৰ ৰং বেলেগ বেলেগ দেখাৰ আঁৰত কেইবাটাও ডাঙৰ কাৰক আছে। ইয়াৰ ভিতৰত মানুহৰ দৃষ্টিশক্তিৰ পৰা আৰম্ভ কৰি সূৰ্যৰ পোহৰলৈকে সকলো কথাই অন্তৰ্ভুক্ত। আপোনালোকক কওঁ যে বহু কাৰণত সূৰ্য্যই নিজৰ ভিতৰৰ পৰা শক্তি বাহিৰ কৰে,সূৰ্য্যৰ এই শক্তিত বহু ধৰণৰ তৰংগ থাকে। ইয়াৰ ভিতৰত সেই তৰংগবোৰো অন্তৰ্ভুক্ত যিবোৰ আমাৰ চকুৱে দেখা পাওঁ। আচলতে এইবোৰক আলোকীয় তৰংগ বোলা হয়। ইয়াৰ বাহিৰেও আল্ট্ৰাভায়োলেট, ইনফ্ৰাৰেড আদি বহুতো তৰংগ আছে, যিবোৰ আমি চকুৱে দেখা নাপাও।
উল্লেখ্য যে মহাকাশত সূৰ্য্যৰ পৰা অহা পোহৰত সকলো তৰংগ একত্ৰিত হয়, সেইবাবেই আমি তাত সূৰ্য্যক কেৱল বগা ৰঙৰহে দেখিবলৈ পাওঁ। কিন্তু এই পোহৰ যেতিয়া আমাৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া আমাৰ চকুত পৰাৰ আগতে ই কিছু পৰিৱৰ্তন ঘটে, যাৰ বাবে সূৰ্য্যটো কেতিয়াবা আমাৰ দৃষ্টিত বেলেগ ৰঙৰ যেন লাগে।
বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত সূৰ্যৰ পোহৰৰ ৰশ্মিয়ে ইয়াৰ কণিকাৰ সৈতে সংঘৰ্ষ কৰে, এনে পৰিস্থিতিত চুটি তৰংগদৈৰ্ঘ্যৰ তৰংগবোৰ সোনকালে সিঁচৰিত হৈ পৰে। এই কাৰণেই নীলা তৰংগৰ বাহিৰে বাকী সকলো তৰংগ একেলগে আমাৰ চকুৰ ওচৰ পায়গৈ। যাৰ বাবে সূৰ্য্যৰ ৰং হালধীয়া দেখো। একে সময়তে সন্ধিয়াৰ লগে লগে সূৰ্য্যৰ ৰশ্মিবোৰে বায়ুমণ্ডলৰ মাজেৰে অধিক যাত্ৰা কৰিবলগীয়া হয়। ইয়াৰ সময়ত বৃহৎ সংখ্যক পোহৰৰ তৰংগ বিকিৰণ হ’বলৈ আৰম্ভ কৰে, সেয়েহে ক্ৰমান্বয়ে সূৰ্য্যৰ ৰং ৰঙা, কমলা আদি দেখিবলৈ আৰম্ভ কৰো।


Related

TWITTER

FACEBOOK