পৃথিৱীৰ ক’ত প্ৰথমে নৱবৰ্ষ উদযাপন কৰা হয় ?

DY365
DY365
Published: December 29,2024 06:02 PM
DY365

Story highlights

পৃথিৱীৰ ক’ত প্ৰথমে নৱবৰ্ষ উদযাপন কৰা হয় ?

২৯ ডিচেম্বৰ,২০২৪-  পৃথিৱীৰ ক’ত প্ৰথমে নৱবৰ্ষ উদযাপন কৰা হয় ? 
২০২৪ বৰ্ষটো শেষ হ’বলৈ মাত্ৰ দুটা দিন বাকী আছে। ইতিমধ্যে সমগ্ৰ বিশ্বৰ মানুহে নতুন বছৰক আদৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ভাৰতকে ধৰি বিশ্বৰ অধিকাংশ লোকে নৱবৰ্ষক উদযাপন কৰি আদৰিবলৈ ভাল পায়। কিন্তু আপুনি জানেনে পৃথিৱীৰ ক’ত প্ৰথমে নৱবৰ্ষ উদযাপন কৰা হয় ? ২০২৪ বৰ্ষৰ শেষৰ লগে লগে সমগ্ৰ বিশ্বৰ মানুহে ২০২৫ বৰ্ষক আদৰি ল’ব। সমগ্ৰ বিশ্বতে ৩১ ডিচেম্বৰৰ নিশাৰ পৰা আৰম্ভ হয় নৱবৰ্ষ উদযাপন। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে নিজৰ নিজৰ ধৰণেৰে নৱবৰ্ষ উদযাপন কৰে। কেৱল এয়াই নহয়, বহু ঠাইত আতচবাজীৰে নতুন বছৰক আদৰণি জনোৱা হয়। আনহাতে একাংশ লোকে ঘৰুৱা পাৰ্টি কৰিও নতুন বছৰ উদযাপন কৰে। সমগ্ৰ বিশ্বতে নৱবৰ্ষ বহু ধৰণে উদযাপন কৰা হয়। ভাৰতত ৩১ ডিচেম্বৰৰ মাজনিশা নৱবৰ্ষ উদযাপন কৰা হয়। কিন্তু এনে কিছুমান দেশ আছে, যিবোৰ দেশে ৩১ ডিচেম্বৰৰ মাজনিশাৰ পূৰ্বেই নৱবৰ্ষ উদযাপন কৰে।  
আপোনালোকক কওঁ যে ওচেনিয়া অঞ্চলৰ জনসাধাৰণে ৩১ ডিচেম্বৰৰ মাজনিশাৰ পূৰ্বেই নতুন বছৰক আদৰণি জনাই। ভাৰতীয় সময় অনুসৰি ৩১ ডিচেম্বৰৰ বিয়লি ৩:৩০ বজাৰ পৰা চমোৱা আৰু খ্ৰীষ্টমাছ দ্বীপ/কিৰিবাটিত নৱবৰ্ষ আৰম্ভ হয়। জাপান আৰু দক্ষিণ কোৰিয়াতো নৱবৰ্ষক প্ৰথমে আদৰণি জনোৱা হয়। ইয়াত ৩১ ডিচেম্বৰৰ নিশা ৮:৩০ বজাৰ পৰা নতুন বছৰ আৰম্ভ হয়। আনহাতে নৱবৰ্ষ শেষবাৰৰ বাবে আমেৰিকাৰ মাইনাৰ্ছ আউটলাইং দ্বীপপুঞ্জত উদযাপন কৰা হয়। ভাৰতীয় সময় অনুসৰি ১ জানুৱাৰীৰ সন্ধিয়া ৫:৩৫ বজাত উদযাপন কৰা হয়।নতুন বছৰৰ উপলক্ষে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত নৱবৰ্ষক আদৰিবলৈ ডাঙৰ ডাঙৰ পাৰ্টিৰ আয়োজন কৰা হয়। য'ত মানুহে নিশা ১২ বজাত নিজৰ ষ্টাইলত নৱবৰ্ষক আদৰণি জনায়।


TWITTER

FACEBOOK