য়েমেনত উৰিছে মাৰ্কিন যুদ্ধ বিমান। হাউথিৰ ঘাটিত আক্ৰমণ

DY365
DY365
Published: February 4,2024 06:09 PM
DY365

Story highlights

য়েমেনত উৰিছে মাৰ্কিন যুদ্ধ বিমান। হাউথিৰ ঘাটিত আক্ৰমণ।

৪ ফেব্ৰুৱাৰী, ২০২৪: য়েমেনত উৰিছে মাৰ্কিন যুদ্ধ বিমান। হাউথিৰ ঘাটিত আক্ৰমণ। হাউথি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আকৌ এবাৰ মাৰ্কিন সেনাই চলালে বিমান আক্ৰমণ। য়েমেনৰ ১৩টা স্থানত থকা ৩৬টা ঘাটিত বোমবৰ্ষণ। আমেৰিকাৰ এই অভিযানত এইবাৰ সহায় কৰিলে ব্ৰিটেইনেও। ব্ৰিটিছ আৰু মাৰ্কিন যুদ্ধ বিমানৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত হ’ল হাউথিৰ ঘাটি। 



মাৰ্কিন সামৰিক বাহিনীৰ ওপৰত চলোৱা হাউথিৰ অতৰ্কিত আক্ৰমণৰ পিছতে এক প্ৰকাৰ অগ্নিশৰ্মা হৈ পৰিল ৱাশ্বিংটন ডিচি। লগে লগে পেণ্টাগনত ৰচনা হ’ল হাউথিক নিঃশেষ কৰাৰ ৰণনীতি। ইয়াৰ পিছতে শুকুৰবাৰে প্ৰথমবাৰলৈ হাউথি উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলিল আমেৰিকাৰ। ইৰাক আৰু ছিৰিয়াৰ ৮৫টা ঘাটিত আক্ৰমণ চলায় আমেৰিকাই। ইয়াৰ পিছত শনিবাৰে পুনৰ ব্ৰিটেইনৰ সহযোগিতাত মাৰ্কিন আক্ৰমণ চলিল হাউথিৰ ঘাটিত। ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে ‘ৰেড চি’ত হাউথি উগ্ৰপন্থীয়ে চলাই অহা সংহাৰ। 



যদিও হাউথিয়ে ইজৰাইলৰ সৈতে সম্পৰ্ক থকা জাহাজত টাৰ্গেট কৰি লোৱা বুলি প্ৰকাশ কৰিছিল। কিন্তু প্ৰকৃত পক্ষে আন জাহাজৰ ওপৰতো চলিছিল আক্ৰমণ। ইয়াৰ পিছত বাণিজ্যিক জাহাজসমূহ লোহিত সাগৰত মেলি দিবলৈ ভয় কৰা হ’ল। বহুতে বয়কট কৰিলে এই সাগৰীয় পথ। উল্লেখ্য যে লোহিত সাগৰেৰে বিশ্বৰ প্ৰায় ১২%ৰ পৰা ১৫% বাণিজ্য চলে। গতিকে এই পথ পুনৰ নিৰাপদ কৰাটো প্ৰয়োজন হৈ পৰিছে। ইয়াৰ বাবেই মাৰ্কিন আৰু ব্ৰিটেইন সেনাই আক্ৰমণ চলোৱা বুলি প্ৰকাশ কৰা হৈছে। 



শুকুৰ আৰু শনিবাৰে চলা মাৰ্কিন আক্ৰমণত ধ্বংস হৈ পৰিল হাউথিৰ বহুকেইটা ঘাটি। হাউথিয়ে নিক্ষেপ কৰিবলৈ লোৱা ৬টা এণ্টি–শ্বিপ মিছাইল ধ্বংস, য়েমেনৰ সমীপত উৰন্ত অৱস্থাত থকা ৮টা ড্ৰোণ ভূপতিত। ৰখাই থোৱা ৪টা ড্ৰোণো ধ্বংস কৰিলে মাৰ্কিন আৰু ব্ৰিটিছ সেনা বাহিনীয়ে।





 


Related

TWITTER

FACEBOOK