১৫ফেব্ৰুৱাৰী ২০২৫- মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে ভাৰতীয়ৰ বিৰুদ্ধে এক্সন ট্ৰাম্পৰ
অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক্সন মুডত ডনাল্ড ট্ৰাম্প। মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে ১১৯ জন অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ভাৰতলৈ দ্বিতীয়খন উৰা মাৰিলে C-17 বিমানখন। এই অনুপ্ৰৱেশকাৰীসকলৰ ভিতৰত পাঞ্জাৱৰ নাগৰিকৰ সংখ্যা সৰ্বাধিক। ১১৯ জন অনুপ্ৰৱেশকাৰীৰ ভিতৰত ৬৭ জন পাঞ্জাৱৰ, ৩৩ জন হাৰিয়ানাৰ, ৮ জন গুজৰাটৰ, ৩ জন উত্তৰ প্ৰদেশৰ, ২ জনকৈ মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ, এজনকৈ গোৱা আৰু হিমাচল প্ৰদেশৰ। আনহাতে আমেৰিকাৰ পৰা উৰা মৰা C-17 বিমানত আছে জম্মু-কাশ্মীৰৰ এজন লোক। দেওবাৰে অমৃতসৰৰ বিমান বন্দৰত অৱতৰণ কৰিব C-17 বিমানখন। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীতো ১০৪ জন অনুপ্ৰৱেশকাৰীক অনা হৈছিল ভাৰতলৈ।
আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়েও স্পষ্ট কৰি দিছে যে ভাৰতে আমেৰিকাত অবৈধভাৱে বসবাস কৰা নাগৰিকক গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়ত স্পষ্ট মতামত প্ৰকাশ কৰি কয় যে এয়া কেৱল ভাৰতৰ বিষয় নহয়। এয়া এক বিশ্বব্যাপী সমস্যা। আন দেশত অবৈধভাৱে বাস কৰা লোকসকলৰ তাত বাস কৰাৰ কোনো আইনী অধিকাৰ নাই। ভাৰত আৰু আমেৰিকাৰ কথা ক’বলৈ গ’লে যদি কোনো ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব নিশ্চিত হয় আৰু তেওঁ অবৈধভাৱে আমেৰিকাত বাস কৰি আছে, তেন্তে ভাৰতে তেওঁক ঘূৰাই ল’বলৈ সাজু।