বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি মুছলমানৰ জনসংখ্যা!

DY365
DY365
Published: December 27,2024 06:09 PM
DY365

Story highlights

বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি মুছলমানৰ জনসংখ্যা!

২৭ ডিচেম্বৰ,২০২৪- বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি মুছলমানৰ জনসংখ্যা!



মুছমানে দখল কৰিব নেকি পৃথিৱী? 
২০৫০ চনত কিমান বৃদ্ধি পাব মুছমানৰ জনসংখ্যা?বিশ্বজুৰি বৃদ্ধি হ'ব মুছলমানৰ জনসংখ্যা। পিউ ৰিচার্চ চেণ্টাৰে খ্রীষ্টান, মুছলমান, হিন্দু, বৌদ্ধকে ধৰি বহুকেইটা ধর্মৰ প্রতিবেদন প্রস্তুত কৰিছে, যত কোৱা হৈছে যে কেইটামান দশকৰ ভিতৰতেই অৰ্থাত ২০১০ চনৰ পৰা ২০৫০ চনৰ ভিতৰত বিশ্বত মুছলমানৰ জনসংখ্যা ২,৭৬১,৪৮০,০০০লৈ বৃদ্ধি পাব। 
প্ৰতিবেদনত কোৱা হৈছে যে ২০১০ চনৰ পৰা ২০৫০ চনৰ ভিতৰত মুছলমানৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হ'ব। বৰ্তমান ইছলাম বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম আৰু ২০১০ চনত ইয়াৰ মুঠ জনসংখ্যা আছিল ১,৫৯৯,৭০০,০০০। কিন্তু ২০৫০ চনৰ ভিতৰত মুছলমানৰ জনসংখ্যা দুই বিলিয়নতকৈও অধিকলৈ বৃদ্ধি পাব। প্ৰতিবেদন অনুসৰি ২৬ বছৰৰ পাছত বিশ্বজুৰি মুছলমানৰ জনসংখ্যা হ'ব ২,৭৬১,৪৮০,০০০ । আনহাতে খ্ৰীষ্টানৰ কথা ক’বলৈ গ’লে বৰ্তমান  বিশ্বৰ আটাইতকৈ ডাঙৰ ধৰ্ম খ্ৰীষ্টান ধৰ্ম, সমগ্ৰ বিশ্বতে মুঠ ২,১৬৮,৩৩০,০০০ খ্ৰীষ্টান বাস কৰে অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ বৰ্তমানেই ৩১.৪ শতাংশই খ্ৰীষ্টান ধৰ্মৰ। 
পিউ ৰিচার্চ চেণ্টাৰৰ প্ৰতিবেদন মতে মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ আঁৰত যুৱ জনসংখ্যা আৰু উচ্চ প্ৰজনন হাৰৰ দৰে কাৰক আছে। আন ধৰ্মৰ তুলনাত মুছলমান লোকৰ প্ৰজননৰ হাৰ সৰ্বাধিক। এই ধৰ্মত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ ৩.১, আনহাতে খ্ৰীষ্টান ধৰ্মত ২.৭। প্ৰতিবেদনত কোৱা হৈছে যে উন্নয়নশীল দেশসমূহত প্ৰজননৰ হাৰ অধিক, আনহাতে মৃত্যুৰ হাৰ কম, যাৰ বাবে ২০৫০ চনৰ ভিতৰত উপ-চাহাৰা আফ্ৰিকাৰ দৰে অঞ্চলত মুছলমান আৰু খ্ৰীষ্টান জনসংখ্যা ১২ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
পিউ ৰিচাৰ্চে প্ৰকাশ কৰা অনুসৰি ২০১০ চনত বিশ্বৰ ৩৪ শতাংশ মুছলমান জনসংখ্যাৰ বয়স ১৫ বছৰৰ তলৰ, ৬০ শতাংশৰ বয়স ১৫ৰ পৰা ৫৯ বছৰৰ ভিতৰত আৰু মাত্ৰ ৭ শতাংশৰ বয়স ৬০ বা তাতকৈ অধিক। বেছিভাগ মুছলমানেই আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যত বাস কৰে, য’ত বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক হ’ব বুলি আশা কৰা হৈছে।


TWITTER

FACEBOOK