বিপদ কমা নাই! বৰভূঁইকঁপৰ পিছতে ছুনামিৰ সতৰ্কবাণী

DY365
DY365
Published: April 3,2024 02:47 PM
DY365

Story highlights

মুহূৰ্তৰ ভিতৰতে সকলো শেষ কৰিলে ভূমিকম্পই। বুধবাৰে পুৱাই ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গল টাইৱানৰ উপকূলীয় অঞ্চল। বৰভূঁইকঁপৰ পিছতে টাইৱান, জাপান, ফিলিপাইনছত ছুনামিৰ সতৰ্কবাণী।

৩ এপ্ৰিল, ২০২৪ঃ মুহূৰ্তৰ ভিতৰতে সকলো শেষ কৰিলে ভূমিকম্পই। দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ। বুধবাৰে পুৱাই ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গল টাইৱানৰ উপকূলীয় অঞ্চল। ভূমিকম্পৰ ফলত টাইৱানৰ ৰাজধানী টাইপেইত  বিদ্যুৎ বিছিন্ন হোৱাৰ লগতে ইন্টাৰনেট সেৱাও বন্ধ হৈ পৰে।



টাইৱান হাই স্পীড ৰেল নেটৱৰ্ক অনুসৰি পুৱা ৮:৩০ বজাত সমগ্ৰ নেটৱৰ্কত ভূমিকম্পৰ প্ৰভাৱ পৰে,যাৰ ফলত চলন্ত মেট্ৰ’ৰ ভিতৰত যাত্ৰীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ পিছতেই বন্ধ কৰি দিয়া হয় হাই স্পীড ৰে'ল নেটৱৰ্ক সেৱা।  ভূমিকম্পত ফলত  জনতাৰ মাজত সৃষ্টি হয় হুৱা-দুৱা পৰিস্থিতিৰ।



কেমেৰাত বন্দী হৈ ৰ'ল খহি পৰা এটাৰ পিছত আন এটা সুউচ্চ অট্টালিকাৰ ভয়াৱহ দৃশ্য। অন কেমেৰা কঁপি উঠিল উৰণ সেতু। এই ভয়ংকৰ ঘটনাত  ৭ গৰাকী লোকৰ মৃত্যু ঘটে আৰু ৭৩০ জনৰো অধিক আহত হয়।  ২৫ বছৰৰ ভিতৰত এইয়া সৰ্ববৃহৎ ভূমিকম্প টাইৱানত।



কিন্তু বিপদ এতিয়াও কমা নাই। কাৰণ বৰভূঁইকঁপৰ পিছতে টাইৱান, জাপান, ফিলিপাইনছত ছুনামিৰ সতৰ্কবাণী। ৩ মিটাৰ পৰ্যন্ত ছুনামিৰ সম্ভাৱনাৰ থকাৰ কথা ঘোষণা টাইৱানৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। ভূমিকম্পৰ কেন্দ্ৰবিন্দু টাইৱান দ্বীপৰ পূব  উপকূলৰ পানীত, যি পূব কাউন্টি হুয়ালিনৰ উপকূলৰ কাষত অৱস্থিত।



এই ভূমিকম্পৰ প্ৰভাৱ জাপানতো দেখা গৈছে। জাপানে দক্ষিণ প্ৰিফেকচাৰ অকনিয়াৰ উপকূলীয় অঞ্চল খালী কৰাৰ পৰামৰ্শ দিয়ে। বৰ্তমান সময়ত উপকূলীয় অঞ্চলত সষ্টম হৈ ৰৈছে প্রশাসন। উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত।


Related

TWITTER

FACEBOOK