চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে গ্ৰেপ্তাৰ হ'ব পাৰে তাৰকা অলৰাউণ্ডাৰ!

DY365
DY365
Published: January 19,2025 06:50 PM
DY365

Story highlights

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে গ্ৰেপ্তাৰ হ'ব পাৰে তাৰকা অলৰাউণ্ডাৰ!

১৯ জানুৱাৰী ২০২৫-  চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে গ্ৰেপ্তাৰ হ'ব পাৰে তাৰকা অলৰাউণ্ডাৰ!



বিপদে লগ এৰা নাই তাৰকা অলৰাউণ্ডাৰ ছাকিব অল হাছানক। এইবাৰ কোটি কোটি টকাৰ প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছে বাংলাদেশ দলৰ তাৰকা অলৰাউণ্ডাৰগৰাকীৰ। প্ৰৱঞ্চনাত নাম সাঙোৰ খোৱাৰ পিছতেই ছাকিব অল হাছানৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। 



বাংলাদেশত ছাকিব অল হাছানৰ বিৰুদ্ধে ৰুজু হৈছে কোটি কোটি টকাৰ চেক বাউন্সৰ গোচৰ। CRICBUZZৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ ১৫ ডিচেম্বৰত ছাকিবৰ বিৰুদ্ধে চেক বাউন্সৰ গোচৰ ৰুজু হৈছিল। ১৮ ডিচেম্বৰত আদালতৰ শুনানিৰ পিছত ১৯ জানুৱাৰীৰ ভিতৰত ছাকিবক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ বাবে সম্প্ৰতি ডুবাইত থকা তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে আদালতত হাজিৰ নোহোৱাৰ পিছতেই ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট জাৰি কৰা হৈছে।



IFIC বেংকৰ বিষয়া শ্বাহিবুৰ ৰহমানে ছাকিব অল হাছানৰ বিৰুদ্ধে এই গোচৰটো ৰুজু কৰিছিল। ছাকিবৰ উপৰিও এই গোটেই বিষয়টোত আৰু তিনিজন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। তথ্য অনুসৰি ছাকিবৰ কোম্পানীয়ে দুখনকৈ পৃথক চেকযোগে ৪ কোটি ১৪ লাখ বাংলাদেশী টকা বেংকক ঘূৰাই দিবলগীয়া হৈছিল যদিও ছাকিবৰ কোম্পানীয়ে দিয়া চেকখনত টকা নাছিল, যাৰ বাবে চেকখন বাউন্স হৈছিল। এই বিষয়টোক লৈয়ে এতিয়া ছাকিব অল হাছানৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট জাৰি কৰা হৈছে।



উল্লেখ্য যে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে ছাকিবৰ বলিং একচনক অবৈধ বুলি গণ্য কৰি নিষিদ্ধ কৰিছিল। ইয়াৰ পিছতেই টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ছাকিব অল হাছানে। ইয়াৰ পিছতেই আগন্তুক চেম্পিয়নছ ট্ৰফীৰ বাবে বাংলাদেশে ঘোষণা কৰা দলটো স্থান লাভ নকৰিলে তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে।


Related

TWITTER

FACEBOOK