৯০ মিনিটৰ ভিতৰত ২১ বাৰ কঁপিল জাপান, ৩২,০০০ তকৈও অধিক ঘৰত ব্যাহত বিদ্যুৎ সংযোগ

DY365
DY365
Published: January 1,2024 11:13 PM
DY365

Story highlights

৯০ মিনিটৰ ভিতৰত ২১ বাৰ কঁপিল জাপান। ৭.৬ প্ৰাবল্যৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত ঘৰ, ৰাজপথ, বুলেট ট্ৰেইন। ভূমিকম্পৰ পিছত জাপানত ছুনামীৰ বিপদ। হাজাৰ হাজাৰ ঘৰত বিদ্যুৎ সংযোগ ব্যাহত।

১ জানুৱাৰী, ২০২৪ঃ নৱবৰ্ষৰ পহিলা দিনটোত প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’ল জাপান। ৯০ মিনিটৰ ভিতৰত ২১ বাৰ কঁপিল জাপান। ৭.৬ প্ৰাৱল্যৰ ভূমিকম্পত জাপানত ভাগি পৰিল ঘৰ-অট্টালিকা। বন্ধ হৈ পৰিছে যান–বাহনৰ চলাচল। ব্যাহত হৈছে বিদ্যুৎ সংযোগৰ লগতে থমকি ৰৈছে বুলেট ট্ৰেইন। ৭.৬ প্ৰাৱল্যৰ ভূমিকম্পত ঘৰ, ৰাজপথ, বুলেট ট্ৰেইন ক্ষতিগ্ৰস্ত হয়।





হাজাৰ হাজাৰ মানুহৰ ঘৰত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। ডাঙৰ ডাঙৰ ফাঁট মেলাত বন্ধ হৈ পৰে ৰাজপথ। ২১টা ভূমিকম্পত ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে দ্বীপ ৰাষ্ট্ৰ জাপানৰ মধ্য অঞ্চল। টকিঅ’ৰ পৰা দুশ তিনিশ কিঃমিঃ নিলগৰ ইছিকাৱা, নিগাকা, টয়ামা আদি ঠাইত বিস্তৰ ক্ষতি সাধন হয়। 





ভূমিকম্পৰ পিছত জাপানত ছুনামীৰ বিপদ। ভূমিকম্পৰ পাছতে আহিছে ছুনামী। জাপান সাগৰৰ কাষৰীয়া পশ্চিম উপকূলীয় অঞ্চলত ১ মিটাৰ উচ্চতাৰ ছুনামীয়ে আঘাত হানিছে। জাপান বতৰ বিজ্ঞান কেন্দ্ৰৰ সংস্থাই সংবাদ–মাধ্যমক জনোৱা মতে ইছিকাৱা, নেইগাতা আৰু টাৱামাৰ বাবে জাৰি কৰা হৈছে বিশেষ সতৰ্কবাণী। 





সকলো বাসিন্দাক স্থানান্তৰিত কৰা হৈছে ওখ ঠাইলৈ। অভিকেন্দ্ৰৰ আশে–পাশে ৫ মিটাৰ পৰ্যন্ত ছুনামীৰ সংশয়। জাপানৰ দৰে দক্ষিণ কোৰিয়াৰ পূব উপকূলতো ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ২০১১ৰ ১১ মাৰ্চত জাপানত ২০ হাজাৰ লোকৰ মৃত্যু হোৱা ঘটনাৰ কৰুণ ইতিহাসেৰে অতি ভূমিকম্প প্ৰৱণ দেশখনত নৱবৰ্ষৰ পহিলা দিনটোতে প্ৰকৃতিৰ এই বিপৰ্যয়ে আতংকিত কৰি তুলিছে জাপানবাসীক। 


Related

TWITTER

FACEBOOK