১৬ মাৰ্চ, ২০২৫- ছুপাৰ পাৱাৰ আমেৰিকাত প্ৰকৃতিৰ তাণ্ডৱ
বিপদে লগেই নেৰা হৈছে মহা শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাক। ৰুষ্ট প্ৰকৃতিয়ে আমেৰিকাত ঘনে ঘনে লৈছে কাল ৰূপ। ১৭০ কিলোমিটাৰ গতিবেগত অহা ঘূৰ্ণি বতাহৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গ'ল আমেৰিকাত। প্ৰচণ্ড ঘূৰ্ণি বতাহৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ বাবে এইপৰ্যন্ত ২৭ জন লোকে মৃত্যুমুখত পৰাৰ লগতে এই প্ৰকৃতিৰ এই তাণ্ডৱত বহু লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
আৰ্কান সাছৰ জনসাধাৰণৰ সুৰক্ষা বিভাগে এক বিবৃতিত কয় যে, ৰাজ্যখনৰ ১৬খন কাউন্টিত ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ আৰু গছ-গছনি ভাঙি পৰাৰ খবৰ পোৱা গৈছে। টেক্সাছ পেনহেণ্ডলৰ আমাৰিলো কাউন্টিত ধূলিৰ ধুমুহাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ তিনিজন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জনায়। ইয়াৰ পূৰ্বে মিছৌৰী ষ্টেট হাইৱে পেট্ৰ’লে জনোৱা মতে, মিছৌৰীৰ বেকাৰছফিল্ড অঞ্চলত হোৱা ধুমুহাৰ ফলত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।
উল্লেখ্য যে পৰৱৰ্তী জাননী নিদিয়ালৈকে আমেৰিকাত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে। সমগ্ৰ ৰাজ্যখনতে ১৩০ টাতকৈও অধিক স্থানত অগ্নিকাণ্ড সংঘটিত হৈছে । ফলস্বৰূপে কিছু সংখ্যক লোকক অঞ্চলসমূহ এৰি যাবলৈও পৰামৰ্শ দিয়া হৈছে।