মোডী এজন মহান নেতা-ড’নাল্ড ট্ৰাম্প

DY365
DY365
Published: February 14,2025 07:06 PM
DY365

Story highlights

মোডী এজন মহান নেতা-ড’নাল্ড ট্ৰাম্প

১৪ ফেব্ৰুৱাৰী ২০২৫-  মোডী এজন মহান নেতা-ড’নাল্ড ট্ৰাম্প



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বহু প্ৰত্যাশিত বৈঠকৰ অন্ত পৰিল। ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোডী আৰু ড’নাল্ড ট্ৰাম্পৰ মাজৰ বন্ধুত্বই পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী মোডীক।
 



প্ৰধানমন্ত্ৰী মোডীক লৈ কি কলে ট্ৰাম্পে-



মোডী এজন মহান নেতা। ভাৰত আৰু আমেৰিকা সদায় বন্ধু হৈ থাকিব। ভাৰতত সঁচাকৈয়ে ভাল কাম কৰি আছে নৰেন্দ্ৰ মোদীয়ে। সকলোৱে নৰেন্দ্ৰ মোদীৰ কথা কয়। মোদীয়ে নিজৰ দায়িত্ব ভালকৈ পালন কৰি আছে। হোৱাইট হাউচত মোদীক উষ্ম আদৰণি জনাই ট্ৰাম্পে ক’লে, ‘আমি আপোনাক বহুত মিছ কৰো।’ লগতে প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ গ্ৰন্থ 'আমাৰ একেলগে যাত্ৰা'ত লিখিছে - "প্ৰিয় প্ৰধানমন্ত্ৰী, আপুনি মহান।" প্ৰধানমন্ত্ৰী মোডী বহুদিনৰ পৰা মোৰ বন্ধু হৈ আহিছে। প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ ‘বন্ধু’ বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে আমাৰ সম্পৰ্ক অতি মজবুত। লগতে  নৰেন্দ্ৰ মোডী মোতকৈ বহুত কঠিন আলোচনাপন্থী,  নৰেন্দ্ৰ মোডীৰ লগত কোনো প্ৰতিযোগিতা নাই বুলি  ট্ৰাম্পে প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী মোডীক।


Related

TWITTER

FACEBOOK