৫০০০ কোটি টকাৰ বিয়ালৈ কিমান অতিথিৰ আগমণ?

DY365
DY365
Published: July 12,2024 04:05 PM
DY365

Story highlights

আজি বিশ্বজুৰি চৰ্চা লাভ কৰা অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া। দেশ-বিদেশৰ চেলিব্ৰেটি-ৰাজনৈতিক নেতা মুম্বাইত উপস্থিত। বান্দ্ৰা কুৰলাৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত মূল বিবাহ অনুষ্ঠান।

১২জুলাই,২০২৪: আজি বিশ্বজুৰি চৰ্চা লাভ কৰা অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া। দেশ-বিদেশৰ চেলিব্ৰেটি-ৰাজনৈতিক নেতা মুম্বাইত উপস্থিত। বান্দ্ৰা কুৰলাৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত মূল বিবাহ অনুষ্ঠান। কেইবামাহো ধৰি চলি আছে আম্বানী পৰিয়ালৰ প্ৰাক বিবাহ অনুষ্ঠান। কোটি কোটি দৰিদ্ৰ লোকৰ সমুখত ৰূপকথাৰ কাহিনীৰ দৰে বিলাসিতা। আজিৰে পৰা ১৫ জুলাই পৰ্যন্ত বান্দ্ৰ কুৰলাত বিশেষ ট্ৰেফিক নিয়ন্ত্ৰণৰ ব্যৱস্থা। নিমন্ত্ৰিত অতিথিৰ বাহিৰে আন কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব সেইসমূহ পথেৰে। আজি শুভ বিবাহ, কাইলৈ শুভ আশীৰ্বাদ, পৰহিলৈ বিয়াৰ অভ্যৰ্থনা। বান্দ্ৰ কুৰলাৰ প্ৰায় সকলো বৃহত্‍ প্ৰতিষ্ঠানত চাৰিদিনৰ বাবে Work From Home। কেইবাখনো ৰাষ্ট্ৰৰ শীৰ্ষ ৰাজনৈতিক নেতা উপস্থিত থাকিব বিবাহ অনুষ্ঠানত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও যাব বিয়া খাবলৈ। ছেমছাঙৰ CEO, ন’কিয়াৰ অধ্যক্ষ, এৰিকশ্যনৰ CEO উপস্থিত মুম্বাইত। আহিব ব্ৰিটেইনৰ দুই প্ৰাক্তন প্ৰধান মন্ত্ৰী টনী ব্লেয়াৰ আৰু বৰিছ জনছন।



তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া ছুহুলু হাছানো আহিব বিয়া খাবলৈ। আহিব ইটালী, কানাডা, অষ্ট্ৰিয়াৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী। ফিফাৰ অধ্যক্ষ, IOCৰ উপাধ্যক্ষ, WTOৰ সঞ্চালক প্ৰধানো অতিথি হ’ব আম্বানীৰ। আহিছে আমেৰিকান বক্সাৰ মাইক টাইছন, হলীউদৰ অভিনেতা জন চীনা, গায়ক ৰেমাও। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ। কোবিন্দ, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী থাকিব অনুষ্ঠানত। হলীউদৰ বহু অভিনেতা-অভিনেত্ৰীও ইতিমধ্যে উপস্থিত হৈছে মুম্বাইত। বিয়া খাবলৈ যাব পশ্চিম বংগ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও। বিবাহ অনুষ্ঠানত আম্বানী পৰিয়ালে ব্যয় কৰিছে প্ৰায় ৫০০০ কোটি টকা।


Related

TWITTER

FACEBOOK