ক'ভিদৰ পিছত HMPV ভাইৰাছৰ আতংক, হাই এলাৰ্ট জাৰি

DY365
DY365
Published: January 3,2025 06:16 PM
DY365

Story highlights

ক'ভিদৰ পিছত HMPV ভাইৰাছৰ আতংক, হাই এলাৰ্ট জাৰি

৩ জানুৱাৰী ২০২৫- ক'ভিদৰ পিছত HMPV ভাইৰাছৰ আতংক, হাই এলাৰ্ট জাৰি
সমগ্ৰ বিশ্বতে বিধ্বংসী ৰূপ ধাৰণ কৰা ক'ভিদৰ পিছত এইবাৰ দেখা গৈছে HMPV ভাইৰাছৰ আতংক। চীনত বিয়পি পৰা এই ভাইৰাছৰ বেছিভাগ লক্ষণেই ক'ভিদৰ সৈতে মিল আছে। এই ভাইৰাছত আক্ৰান্ত লোকসকলে কাহ, চৰ্দি আৰু উশাহ লোৱাত কষ্ট পোৱাৰ দৰে লক্ষণ দেখা গৈছে। দুবছৰৰ তলৰ বৃহৎ সংখ্যক শিশু এই ভাইৰাছত আক্ৰান্ত হৈছে। যিসকল লোকৰ ইতিমধ্যে শ্বাস-প্ৰশ্বাসজনিত ৰোগ আছে, তেওঁলোকৰ আশংকা অধিক হোৱা বুলি জানিব পৰা গৈছে। যিহেতু এই ভাইৰাছ সংক্ৰামক আৰু এজনৰ পৰা আন এজনলৈ দ্ৰুতগতিত বিয়পি পৰে, সেয়েহে চীনৰ স্বাস্থ্য বিভাগ সষ্টম হৈ আছে আৰু এই ভাইৰাছ প্ৰতিৰোধৰ বাবে বৃহৎ পৰিসৰৰ পৰীক্ষাও চলি আছে। একাংশ সংবাদ মাধ্যমে এই ভাইৰাছৰ বাবে চীনত জৰুৰীকালীন সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও দাবী কৰিছে।
বিশেষজ্ঞৰ মতে HMPV এনে এটা ভাইৰাছ যাৰ লক্ষণ সাধাৰণ চৰ্দিৰ নিচিনা। এই ভাইৰাছে হাওঁফাওঁত প্ৰভাৱ পেলায় আৰু নিউমোনিয়া, হাঁপানী আদি ৰোগত আক্ৰান্ত ৰোগীৰ বাবে ই বিপদজনক হ’ব পাৰে। চীনত দেখা দিয়া এই ভাইৰাছবিধক লৈ এতিয়া আতংকিত হৈ পৰিছে বিশ্ববাসী। কাৰণ এই ভাইৰাছৰ এতিয়ালৈকে কোনো প্ৰতিষেধক ওলোৱা নাই। 
HMPV ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ-
# চাবোন পানীৰে হাত ধুৱক
# হাঁচি বা কাহ হ’লে নাক আৰু মুখ ঢাকি ৰাখক
# মাস্ক পৰিধান কৰক
# সংক্ৰমিত ব্যক্তিৰ পৰা আতৰি থাকক


TWITTER

FACEBOOK