১২ ফেব্ৰুৱাৰী ২০২৫- মদ খাওক, চুটী লওক! কোম্পানীৰ বিশেষ অফাৰ
জাপানৰ ওছাকাত অৱস্থিত ট্ৰাষ্ট ৰিং কোম্পানীয়ে নিজৰ কৰ্মচাৰীসকলক সুখী কৰি ৰাখিবলৈ আগবঢ়াইছে এক অনন্য অফাৰ। এই কোম্পানীটোৱে নিজৰ কৰ্মচাৰীসকলক কাম কৰাৰ সময়ত মদ্যপান কৰিবলৈ অনুমতি দিয়ে আৰু লগতে হেংগ অভাৰৰ বাবে ২-৩ ঘণ্টাৰ ছুটীও দিয়ে। ইয়াৰ লক্ষ্য হৈছে নতুন কৰ্মচাৰীক আকৰ্ষণ কৰা আৰু কাৰ্যালয়ত আৰামদায়ক আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশ গঢ়ি তোলা। উল্লেখ্য যে বেছিভাগ কোম্পানীয়ে নিজৰ কৰ্মচাৰীক উচ্চ দৰমহাৰ লগতে অন্য বিভিন্ন সুবিধা প্ৰদান কৰাৰ বিপৰীতে ট্ৰাষ্ট ৰিঙে নিজৰ কৰ্মচাৰীক সুখী কৰি ৰাখিবলৈ এই বেলেগ পন্থা গ্ৰহণ কৰিছে। ইয়াত কৰ্মচাৰীক কৰ্মৰ সময়ত বিভিন্ন ধৰণৰ পানীয় দিয়া হয় আৰু যদি কোনো কৰ্মচাৰীয়ে মদ খোৱাৰ পিছত হেংগঅভাৰ অনুভৱ কৰে তেন্তে কৰ্মচাৰীজনক কিছু সময়ৰ বাবে ছুটী দিয়া হয়। কৰ্মচাৰীসকলক অধিক আৰামদায়ক কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই কোম্পানীটোৰ আৰম্ভণিৰ দৰমহা প্ৰায় ১ লাখ ২৭ হাজাৰ টকা। ইয়াৰ উপৰিও কৰ্মচাৰীয়ে ২০ ঘন্টা অতিৰিক্ত সময়ৰ ক্ষতিপূৰণো লাভ কৰে। নমনীয় কৰ্ম সংস্কৃতি আৰু অতিৰিক্ত সুবিধাৰ এই সংমিশ্ৰণে কৰ্মচাৰীসকলৰ বাবে এক সম্পূৰ্ণ নতুন অভিজ্ঞতা প্ৰদান কৰে