চীনৰ চমক! আহি গ'ল বিশ্বৰ প্ৰথমখন উৰণীয়া টেক্সি

DY365
DY365
Published: April 1,2025 02:52 PM
DY365

Story highlights

চীনৰ চমক! আহি গ'ল বিশ্বৰ প্ৰথমখন উৰণীয়া টেক্সি

১ এপ্ৰিল, ২০২৫-    চীনৰ চমক! আহি গ'ল বিশ্বৰ প্ৰথমখন উৰণীয়া টেক্সি 



প্ৰযুক্তিৰ দৌৰত আকৌ এবাৰ জয়লাভ কৰিলে চীনে। আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰখনে প্ৰৱেশ কৰিলে উৰণীয়া টেক্সিৰ যুগত। চীনে নিৰ্মাণ কৰি উলিয়ালে বিশ্বৰ প্ৰথমখন উৰণীয়া টেক্সি।  চীনৰ দুটা কোম্পানীয়ে লাভ কৰিলে CAACৰ পৰা স্বায়ত্বশাসিত যাত্ৰীবাহী ড্ৰ’নৰ বাণিজ্যিক পৰিচালনাৰ প্ৰমাণ পত্ৰ । 



চীনৰ গুৱাংঝুত অৱস্থিত ইহাং কোম্পানীয়ে নিৰ্মাণ কৰিছে বিশ্বৰ প্ৰথমখন উৰণীয়া  টেক্সি। এই উৰণীয়া  টেক্সিখন এখন বৈদ্যুতিক উলম্ব টেক অফ এণ্ড লেণ্ডিং (eVTOL) বিমান যিয়ে দুজন যাত্ৰী বা ৬০০ পাউণ্ড সামগ্ৰী কঢ়িয়াব পাৰে। এই  টেক্সিখনত ১৬টা ইলেক্ট্ৰিক ৰ’টাৰ স্থাপন কৰা হৈছে, যাৰ সহায়ত টেক্সিখনে উৰিব পাৰে। উৰণীয়া টেক্সি কেন্দ্ৰীয় কমাণ্ড ৰুমৰ পৰা নিয়ন্ত্ৰন হ'ব, য’ত বিমানৰ অৱস্থা, পথ আৰু বতৰৰ অৱস্থা নিৰীক্ষণ কৰা হয়। ইলেক্ট্ৰিক এয়াৰ টেক্সিখনৰ কেবিনৰ ভিতৰত টাচস্ক্ৰীণ স্থাপন কৰা হৈছে, যাৰ সহায়ত যাত্ৰীসকলে নিজৰ প্ৰিয় ঠাইলৈও যাব পাৰিব।



'>http://



 



আটাইতকৈ ডাঙৰ কথাটো হ’ল বিশ্বৰ প্ৰথমখন উৰণীয়া টেক্সি সম্পূৰ্ণ বৈদ্যুতিক, গতিকে উৰণীয়া টেক্সি চলাবলৈ কোনোধৰণৰ ইন্ধনৰ প্ৰয়োজন নহ’ব। উৰণীয়া টেক্সিখন ড্ৰাইভাৰ অবিহনে চলিব আৰু টেক্সিখনে আপোনাৰ পছন্দৰ যিকোনো ঠাইতে আপোনাক লৈ যাব পাৰিব। আনহাতে এই উৰণীয়া টেক্সিবোৰ উৰা মাৰিবলৈ কোনো ৰাণৱেৰ প্ৰয়োজন নহ’ব। যিকোনো সাধাৰণ ছাদ, পাৰ্কিং স্থান বা পাৰ্কৰ পৰা ই উৰা মাৰিব পাৰে আৰু অৱতৰণো কৰিব পাৰে। আনহাতে টেক্সিখনৰ পৰা জৰুৰীকালীন অৱস্থাত অৱতৰণ কৰিবলৈ পেৰাচ্যুটৰ ব্যৱস্থাও কৰা হৈছে।



 চীনৰ এই উৰণীয়া টেক্সিখনত বৈপ্লৱিক বুলি অভিহিত কৰা হৈছে। আমাৰ ভাৰতৰ বেংগালুৰু-দিল্লীৰ দৰে চহৰৰ বাবে ই একেবাৰে উপযুক্ত হ'ব কাৰণ ইয়ে আপোনাক কেইমিনিটমানৰ ভিতৰতে ঘৰৰ পৰা কাৰ্যালয়লৈ লৈ যাব পাৰে। হয়তো এতিয়া আপোনাৰ বাবে এয়া সপোন যেন লাগিব পাৰে, কিন্তু ই প্ৰকৃত সত্য।



 


Related

TWITTER

FACEBOOK