ক'ভিদৰ পিছত এইবাৰ ‘ডিংগা ডিংগা’ ভাইৰাছ

DY365
DY365
Published: December 22,2024 07:52 PM
DY365

Story highlights

ক'ভিদৰ পিছত এইবাৰ ‘ডিংগা ডিংগা’ ভাইৰাছ

২২ ডিচেম্বৰ,২০২৪-  ক'ভিদৰ পিছত এইবাৰ ‘ডিংগা ডিংগা’ ভাইৰাছ
 দেশ আৰু বিশ্বত এতিয়া বিয়পি পৰিছে অদ্ভুত ৰোগ আৰু ভাইৰাছ। বিশেষকৈ ক'ৰোণা মহামাৰী (Covid-19)ৰ লগে লগে এনে কিছুমান ভাইৰাছৰ উন্মেষ ঘটিছে যিয়ে মানুহক জোকাৰি গৈছে। এক অচিন ৰোগৰ আতংক বিয়পি পৰিছে আফ্ৰিকা মহাদেশত। ইতিমধ্যেই পূব আফ্ৰিকাৰ দেশ উগাণ্ডাত বহু লোক এই ভাইৰাছত সংক্ৰমিত হৈছে। এই ৰোগত আক্ৰান্ত হ’লেই ৰোগীয়ে শৰীৰত এক অস্বাভাৱিক কঁপনি অনুভৱ কৰে আৰু ৰোগী কঁপিলে তেওঁ নাচি থকাৰ দৰে লাগে। সেইবাবেই স্থানীয় ভাষাত ৰোগটোৰ নাম ৰখা হৈছে ‘ডিংগা ডিংগা’। 
ডিংগা ডিংগা! নামটোৰ দৰেই আচৰিত এই বেমাৰতো। এই ৰোগত আক্ৰান্ত হ’লেই ৰোগীয়ে শৰীৰত এক অস্বাভিক কঁপনি অনুভৱ কৰে আৰু ৰোগী কঁপিলে তেওঁ নাচি থকাৰ দৰে লাগে। সেইবাবেই স্থানীয় ছোয়াহিলি ভাষাত ৰোগটোৰ নাম ৰখা হৈছে ডিংগা ডিংগা। স্থছানীয় ভাষাত ডিংগা ডিংগা শব্দৰ অৰ্থ হ’ল নাচৰ দৰে কঁপনি। কোনো লোক এই ৰোগত আক্ৰান্ত হ’লে তেওঁৰ কঁপনি ৰখোৱাটো টান হৈ পৰে। প্ৰথমতে ৰোগীৰ জ্বৰ হোৱাৰ লগতে শৰীৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। তাৰ পিছতে লাহে লাহে কঁপনি আৰম্ভ হৈ সেয়া নাচৰ দৰে হৈ পৰে। অৱশ্যে সু-খবৰ এয়ে যে এই ৰোগত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ এই পৰ্যন্ত অহা নাই। কিন্তু ৰোগী পংগু হৈ পৰাৰ বহু খবৰ আহিছে। বিশেষজ্ঞসকলে এতিয়াও এই ৰোগৰ ওপৰত গৱেষণা চলাই আছে। এই পৰ্যন্ত চিকিত্‍সকসকলে সাধাৰণ এণ্টিবায়টিক আৰু জ্বৰৰ ঔষধেৰেই ৰোগীৰ চিকিত্‍সা কৰি আছে। স্থানীয় বনৌষধিৰে চিকিত্‍সা কৰিও বহুজনে সুস্থ হোৱা বুলি দাবী কৰিছে। অৱশ্যে দেশখনৰ স্বাস্থ্য বিভাগে সকলোকে পৰম্পৰাগত ঔষধ ব্যৱহাৰ নকৰি ৰোগৰ লক্ষণে দেখা দিলেই চিকিত্‍সকৰ পৰামৰ্শ হ’বলৈ আহ্বান জনাইছে।
 আফ্ৰিকাৰ পশ্চিম উপকূলৰ দেশ কংগোটো শেহতীয়াকৈ এক অচিন ৰোগে দেখা দিছে আৰু প্ৰতিৱেশী ৰাষ্ট্ৰসমূহলৈ বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী প্ৰেৰণ কৰিছে। জ্বৰ, মূৰ আৰু সৰ্ব শৰীৰত বিষ, কাঁহ উপসৰ্গই দেখা দিয়া এই ৰোগত আক্ৰান্ত ৰোগ আক্ৰান্ত হৈ এই পৰ্যন্ত দেশখনত ৩০জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। কংগোৰ এই ৰোগৰ সৈতে ডিংগা ডিংগাৰ কিবা সম্পৰ্ক আছে নেকি সেয়াও পৰীক্ষা কৰিছে উগাণ্ডাৰ স্বাস্থ্য বিভাগে।


Related

TWITTER

FACEBOOK